নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত পেট্র’লত ১.০২ টকা, ডিজেলত ১.০১ টকাকৈ দাম বৃদ্ধি

বিশেষ বাৰ্তা, ৬ জুন : লোকসভা নির্বাচনৰ ফলাফল ঘোষণাৰ এদিন পিছতে ৰাজ্যত অপ্রত্যাশিতভাৱে বৃদ্ধি পালে পেট্র’ল আৰু ডিজেলৰ দাম৷ গুৱাহাটীত কালিৰ দিনটোত প্রতি লিটাৰ পেট্র’লৰ দাম ১.০২ টকাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে প্রতি লিটাৰ ডিজেলৰ দাম ১.০১ টকাকৈ বৃদ্ধি পাইছে৷ নির্বাচনৰ পিছতে হঠাৎ ইন্ধনৰ দাম এনেদৰে বৃদ্ধিত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ উল্লেখ্য যে গুৱাহাটীত প্রতি লিটাৰ পেট্র’লৰ দাম পৰহি ৯৬.১৭ টকা আছিল৷ কালি ইয়াৰ দাম ৯৭.১৯ টকালৈ বৃদ্ধি পালে৷ একেদৰে পৰহিলৈকে গুৱাহাটীত প্রতি লিটাৰ ডিজেলৰ দাম আছিল ৮৮.৪১ টকা৷ কালি ইয়াৰ দাম ৮৯.৪২ টকালৈ বৃদ্ধি হয়৷ যোৱা ১০টা দিনত ডিজেলৰ দাম ৮৮.৩৮ টকাৰ পৰা ৮৮.৪১ টকালৈ উঠা–নমা হৈ আছে৷ ইফালে, ইন্ধনৰ এনে দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্র অসন্তুষ্টি৷ বিশেষকৈ পৰিবহণৰ ক্ষেত্রত পেট্র’ল–ডিজেলৰ দাম বৃদ্ধিয়ে যথেষ্ট প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে ইন্ধনজাত সামগ্রীৰ দাম বৃদ্ধি হোৱা বুলি একাংশই দাবী তোলাৰ বিপৰীতে আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবেও পেট্র’ল–ডিজেলৰ দাম বৃদ্ধি হোৱা বুলিহে তৈল প্রতিষ্ঠানসমূহে প্রকাশ কৰিছে৷

You might also like