অসম আম আদমী পাৰ্টীৰ ৰেলীত অসমৰ স্বাভিমান জাপিৰ সৈতে ঝাড়ুঃ তীব্ৰ গৰিহণা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এনেধৰণৰ দুঃসাহস পূৰ্বতে কোনেও কৰা নাছিলঃ পীয়ূষ হাজৰিকা By নিয়মীয়া বাৰ্তা On Apr 21, 2022 Share নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অসমৰ স্বাভিমানৰ প্ৰতীক জাপিৰ সৈতে ঝাড়ু ৰখাৰ বাবে আম আদমী পাৰ্টীৰ (আপ) শীৰ্ষ নেত্ৰী আতিশী মাৰ্লেনাক সমালোচনা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক সমালোচনা কৰি, মন্ত্ৰী হাজাৰিকাই মাৰ্লেনা আৰু তেওঁৰ দলৰ সদস্যসকলক জাপিক অপমান কৰা আৰু মানুহৰ অনুভূতিক আঘাত কৰাৰ বাবে অসমৰ জনসাধাৰণৰ সন্মুখত আঁঠু কাঢ়ি ক্ষমা বিচাৰিবলৈ দাবী জনায়। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি অন্তিমদিনা এক ৰেলীত অংশগ্ৰহণ কৰা সময়ছোৱাত আপৰ দিল্লীৰ বিধায়িকাগৰাকীয়ে উঠা বাহনখনত জাপিৰ ওপৰত ঝাড়ু ৰখা ফটো প্ৰদৰ্শন কৰি আজি এক সবাদমেলত মন্ত্ৰী তথা মুখপাত্ৰ পীযুষ হাজৰিকাই কয়- “অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক জাপিৰ ওপৰত ঝাড়ু ৰাখি আপৰ দিল্লীৰ বিধায়িকা আতিশী মাৰ্লিনাই অসমীয়াৰ সন্মান চুড়ান্তভাবে ভূলুণ্ঠিত কৰিছে। অসমীয়াৰ অতিকৈ শ্ৰদ্ধা আৰু সন্মানৰ প্ৰতীক জাপি-শৰাই-গামোচাক এনেদৰে চৰম অসন্মান কৰিবলৈ পূৰ্বতে কোনেও দুঃসাহস কৰা নাছিল । আমাৰ জাতিটোৰ স্বাভিমান, সন্মান তথা গৌৰৱৰ প্ৰতীক জাপিৰ ওপৰত ঝাড়ু ৰাখি আপৰ বিধায়িকাগৰাকীয়ে কৰা চুড়ান্ত অপমানক ৰাজ্যচৰকাৰে কঠোৰ ভাষাৰে নিন্দা আৰু গৰিহণা দিছে। এনে ভয়ংকৰ দুষ্কাৰ্যৰ বাবে আপৰ বিধায়িকাগৰাকীৰ লগতে অসমৰ আপৰ কাৰ্যকৰ্তাসকলে অসমবাসীৰ ওচৰত আঠু লৈ ক্ষমা খোজক।” তেওঁ লগতে আপৰ শীৰ্ষ নেত্ৰী আতিশী আৰু আম আদমী পাৰ্টীৰ সকলো সদস্যক আঁঠু কাঢ়ি অসমৰ জনসাধাৰণৰ সন্মুখত ক্ষমা বিচাৰিবলৈ দাবী জনায়। ইপিনে ভবিষ্যতৰ দিনত অসমীয়া জাতিৰ স্বাভিমানত কুঠাৰাঘাত কৰিব পৰা এনেধৰণৰ দুষ্কাৰ্যৰ পৰা আতৰি থাকিবলৈ আপক সাৱধান কৰি দি মন্ত্ৰী হজৰিকাই লগতে কয় যে অসমবাসীয়েও এনে কাণ্ডক ধিক্কাৰ আৰু গৰিহণা দিয়া উচিত। লগতে ৰাজ্য চৰকাৰে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰাই কয় যে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হৈছে। ৰাইজে এই বিষয়টো কি ধৰণে লয় সেই দিশটোও লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে । উল্লেখ্য যে প্ৰচাৰৰ অন্তিম দিনটোত অৰ্থাৎ ২০ এপ্ৰিল বুধবাৰে, আপে জিএমচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দলৰ প্ৰাৰ্থীসকলৰ হৈ এক ৰোড শ্ব’ অনুষ্ঠিত কৰিছিল। য’ত উপস্থিত আছিল দিল্লীৰ বিধায়ীকা তথা আপৰ শীৰ্ষ নেত্ৰী আতিশী মাৰ্লেনা। Featured Share