ভূপেন বৰাৰ নেতৃত্বত হাৰি হাৰি ৰেকৰ্ড গঢ়িছে কংগ্ৰেছেঃ পীযুষ হাজৰিকা
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ: মায়ঙৰ মূৰকটাৰ পৰা শিলঘাটলৈ নিৰ্মান হৈ আছে প্ৰায় ১৫০ কিলোমিটাৰ দৈৰ্ঘৰ পকী পথ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমানে সমানে নিৰ্মান হৈ থকা পকী পথৰ কাম আৰু মায়ঙৰ চনকা পৰ্যটন স্থলীৰ নিৰ্মীয়মান ৰাস্তাৰ কাম শনিবাৰে পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ জাগীৰোডৰ বুৰগাঁৱত চলি থকা এই কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ এই কামৰ জৰিয়তে জাগীৰোড আৰু লাহৰিঘাট সমষ্টিত বান, গৰাখহনীয়াৰ সমস্য সমাধান হোৱাৰ লগতে সুচল যাতায়াত ব্যৱস্থা গঢ়ি উঠিব বুলিও কয় মন্ত্ৰী পীযুষ হাজৰিকাই ৷
আনহাতে ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দল একগোট হোৱা সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অস্তিত্ব নোহোৱা দল সমূহক কেবল সংখ্যালঘু অধ্যুষিত সমষ্টি লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ইফালে আগন্তুক লোকসভা নিৰ্বাচনত ১২ খন আসন আৰু বিধানসভা নিৰ্বাচনত ১০০ খন বিজেপি দলে লাভ কৰিব বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ আনহাতে ভূপেন বৰাই নাজানে Political Mathematics ৷ সেয়ে ভূপেন বৰাৰ নেতৃত্বত হাৰি হাৰি ৰেকৰ্ড গঢ়িছে কংগ্ৰেছে ৷ এইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷