নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোলী উদযাপনৰ সময়ত জাপানী যুৱতীক নিৰ্যাতন, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে গ্ৰেপ্তাৰ ৩ যুৱক

নিয়মীয়া বাৰ্তা, ১১ মার্চ: হোলী উদযাপনৰ সময়ত এগৰাকী জাপানী যুৱতীক একাংশ যুৱকে হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰা এক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই বিষয়ত দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ভিডিঅ’টোৰ আধাৰত আৰক্ষীয়ে ঘটনাৰ অভিযোগত নাবালকসহ ৩জন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

এই বিষয়ে তথ্য দি দিল্লী আৰক্ষীয়ে কয় যে ভাইৰেল হোৱা ভিডিঅ’টো পাহাৰগঞ্জ থানা এলেকাৰ আৰু এই ঘটনা হোলীৰ দিনা সংঘটিত হৈছে। পাহাৰগঞ্জত বাস কৰি থকা জাপানী পৰ্যটকজন এতিয়া বাংলাদেশলৈ গৈছে। ইয়াৰ লগতে আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীয়ে দিল্লী আৰক্ষী বা দূতাবাসলৈ কোনো অভিযোগ বা ফোন কৰা নাই।

আৰক্ষীয়ে জনোৱা মতে, এই গোচৰত নাবালককে ধৰি তিনিজন ল’ৰাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনা আটাইকেইজনে মানি লৈছে। আটাইকেইজনেই পাহাৰগঞ্জ অঞ্চলৰ বাসিন্দা আৰু হোলীৰ সময়ত এই ঘটনা সংঘটিত কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, ডি পি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে যুৱতীগৰাকীৰ অভিযোগ অনুসৰি পৰৱৰ্তী আইনী ব্যৱস্থাৰ সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে জনাইছিল যে এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই। যুৱতীগৰাকীৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে দূতাবাসলৈ ইমেইল প্ৰেৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ ভিডিঅ’টোত দেখা পোৱা যুৱক-যুৱতীসকলৰ বিষয়েও তথ্য সংগ্ৰহ কৰা হৈছে।

You might also like