✅উদ্বোধনী অনুষ্ঠানত উপস্থিত সাহিত্য সভাৰ প্রাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱী, সাংসদ কুইন ওজা, বিধায়ক দিগন্ত কলিতা, মেয়ৰ মৃগেন শৰণীয়া
বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ উন্নত আৰু অত্যাধুনিক সেৱাৰ এক ব্যক্তিগত খণ্ডৰ ডায়েগ্নষ্টিক প্রতিষ্ঠান বি. এছ ডায়েগ্নষ্টিক চেণ্টাৰ আজি গুৱাহাটী মহানগৰীৰ ভেটাপাৰা চাৰিআলিত মুকলি কৰা হয়। মন্ত্ৰী পীয়ূষ হাজৰীকাই প্রতিষ্ঠানখন মুকলি কৰে। বি. এছ ডায়েগ্নষ্টিক চেণ্টাৰ শুভাৰম্ভ কৰি মন্ত্ৰী হাজৰীকাই কয় যে এই ডায়েগ্নষ্টিক চেণ্টাৰটোৱে ৰাইজৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিছে। উল্লেখ্য় যে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ ৰোগীৰ বাবে ২০ শতাংশ ৰেহাই আঁচনিৰ সুবিধা আছে চেণ্টাৰটোত। মহানগৰীৰ ভেটাপাৰা চাৰিআলিত ইএনটি বিশেষজ্ঞ ডাঃ মৃদুল শৰ্মাৰ তত্বাবধানত নতুনকৈ মুকলি কৰা ‘বি.এছ ডায়েগ্নষ্টিক চেণ্টাৰ কাম ক্লিনিক’খনে দিনটোৰ সকলো সময়তে স্বাস্থ্যসেৱা আগবঢ়াব। কেন্দ্ৰটোত আগশাৰীৰ বহু বিশেষজ্ঞ ডাঃ দীপক জৈনসহ বহু কেইগৰাকী বিশিষ্ট চিকিৎসকৰ স্বাস্থ্যসেৱা উপলব্ধ হ’ব। লগতে এই কেন্দ্ৰটোত আল্ট্ৰা চাউণ্ড, ডিজিটেল এক্সৰে, ই চি জি, এণ্ডস্কোপী, কেমোথেৰাপি, তেজ, শৌচ, প্ৰসাৱৰ লগতে সকলো ধৰণৰ স্বাস্থ্য পৰীক্ষাৰ সু-ব্যৱস্থা আৰু দন্ত চিকিৎসা বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপলব্ধ হ’ব জনাইছে কৰ্তৃপক্ষই। প্রতিষ্ঠানটোৱে শুভ উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰক্তদান শিবিৰৰ আয়োজন কৰে। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱী, সাংসদ কুইন ওজা, বিধায়ক দিগন্ত কলিতা, মেয়ৰ মৃগেন শৰণীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। কেন্দ্ৰটোত স্বাস্থ্য সেৱা ল’বৰ বাবে ৬০০১৫১২৮৮৯, ৯২৮৭৯৫৮১৯৫ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰিব পাৰে বুলি বি.এছ ডায়েগ্নষ্টিক চেণ্টাৰ কাম্ ক্লিনিক কৰ্তৃপক্ষই জনাইছে।