নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি কে এতিয়া পুত্রসহ কাঠমাণ্ডুত

আৰক্ষীৰ চকুত ধূলি ছটিয়াই বিদেশলৈ পলায়ন

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ  সুদক্ষ’ অসম আৰক্ষীৰ নাকৰ তলেদিয়ে বিদেশলৈ পলায়ন কৰিলে এছ আই নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত পি কে দত্তই৷ অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত ডি আই জি প্রশান্ত কুমাৰ দত্ত উপ–পৰিদর্শক পদৰ প্রশ্নকাকত ফাদিলৰ লগত প্রত্যক্ষভাৱে জড়িত আছিল৷ যোৱা ২০ ছেপ্টেম্বৰৰ পৰীক্ষাৰ পূর্বে প্রশ্নকাকত ৰাজহুৱা হৈ পৰাৰ সমান্তৰালকৈ কুখ্যাত পি কে দত্তৰ কু–কীর্তি ফাদিল হৈ পৰে৷ এই ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পাছত চি আই ডি আৰু মহানগৰ আৰক্ষীৰ ক্রাইম ব্রাঞ্চত পৃথকে পৃথকে দুটা গোচৰ ৰুজু হয়৷ কিন্তু ‘স্মার্ট’ আৰক্ষীয়ে বিগত দহ দিন ধৰি সন্ধান উলিয়াব নোৱাৰিলে পি কে দত্তৰ৷ কালি নিযুক্তি কেলেংকাৰিৰ আন এগৰাকী অভিযুক্ত দিবন ডেকাই আত্মসমর্পণ কৰিলে যদিও খলনায়ক পি কে দত্তই সকলোৰে চকুত ধূলি দি নেপাললৈ পলায়ন কৰিবলৈ সক্ষম হয়৷ লক্ষণীয় কথাটো হ’ল, প্রশিক্ষণ কেন্দ্রৰ অচিলাৰে উপ–পৰিদর্শক পদৰ চাকৰি বিক্রীৰ বজাৰ খোলা পি কে দত্তই গোচৰ ৰুজু হোৱাৰ পাছতো তিনি দিনপর্যন্ত গুৱাহাটীতে আত্মগোপন কৰি আছিল৷ ইয়াৰ বিপৰীতে তদন্তৰ নামত দত্তৰ বাসভৱন, হোটেল আদিত তালাচী চলোৱাত ব্যস্ত আছিল তদন্তকাৰী আৰক্ষীৰ দল৷ ইয়াৰে সুযোগ লৈ পুত্রসহ নেপাললৈ পলাবলৈ সক্ষম হয় পি কে দত্ত৷

উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত অসম আৰক্ষীৰ ৫৯৭টা উপ–পৰিদর্শকৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূর্বে প্রশ্ণকাকতখন সমগ্র ৰাজ্যত ৰাজহুৱা হৈ পৰে৷ এই ঘটনা সংক্রান্তত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে চি আই ডিত গোচৰ তৰে৷ চি আই ডিৰ অভিযানত জালত পৰে হীৰকজ্যোতি বৰুৱা নামৰ এজন যুৱক৷ ধৃত হীৰকে জেৰাত স্বীকাৰ কৰে যে অসম আৰক্ষীৰ প্রাক্তন ডিআইজি পি কে দত্তই তেওঁলৈ হোৱাটছএপৰ জৰিয়তে প্রশ্নকাকতখন প্রেৰণ কৰিছিল৷ ইয়াৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধন আদায় দিবলগীয়া হৈছিল৷ পি কে দত্তৰ নাম পোহৰলৈ অহাৰ লগে লগে অসম আৰক্ষীত জোকাৰণি উঠে৷ অৱশ্যে গৃহ বিভাগৰ পৰা সেউজ সংকেত পোৱাৰ পাছতে চি আই ডিৰ দলে দত্তৰ হেঙেৰাবাৰীস্থিত বাসগৃহ, লখৰা–বেতকুছি–পল্টনবজাৰ আৰু গণেশগুৰিত থকা হোটেলত মাৰাথন তালাচী চলায়৷ অভিযানত বহু গুৰুত্বপূর্ণ নথি–পত্রৰ লগতে ধন–সম্পত্তি জব্দ হয় যদিও পি কে দত্তৰ কোনো সন্ধান নোলাল৷ মহানগৰীত আত্মগোপন কৰি থাকিয়ে পি কে দত্তই চি আই ডিৰ গতিবিধি লক্ষ্য কৰি যায়৷ তেওঁ ছলে–বলে–কৌশলে চৰকাৰক মেনেজ কৰাৰ চেষ্টা চলাইছিল যদিও কেলেংকাৰিৰ বিৰুদ্ধে ব্যাপক জনমত সৃষ্টি হোৱাত চৰকাৰখনো চাপৰ সন্মুখীন হয়৷ বিপদ সন্নিকত দেখি যোৱা ২৩ ছেপ্টেম্বৰত পুত্র ঈষাণ দত্তৰ সৈতে পি কে দত্তই গুৱাহাটী এৰে আৰু ৰাজ্যৰ বাহিৰলৈ ৰাওনা হয়৷ পি কে দত্তৰ সন্ধানত ৰাজ্যৰ বাটে–পথে পিয়াপি দি ফুৰা বিয়াগোম আৰক্ষী বাহিনীৰ নাকৰ তলেদিয়ে পুত্রসহ তেওঁ উপস্থিত হয়গৈ পশ্চিমবংগৰ শিলিগুৰিত৷ ইতিমধ্যে সিদিনাই নেপালৰ পৰা আহি শিলিগুৰিত উপস্থিত হৈছিল দত্তৰ জোঁৱায়েক সুমন দাংগল মহাজন৷ জোঁৱায়েকৰ নেপালৰ পাছপ’টৰ ঠিকনাতে শিলিগুৰিৰ ‘হোটেল পার্ক হেভেন’ত নিশাটোৰ বাবে বুক কৰা হয় ২১৬নং কোঠাটো৷ অভিযুক্ত পি কে দত্ত, তেওঁৰ পুত্র ঈষাণ দত্ত আৰু জোঁৱায়েক সুমন দাংগল মহাজনে নিশাটো হোটেলৰ একেটা কোঠাতে পাৰ কৰে৷ ইয়াৰ পাছত ২৪ ছেপ্টেম্বৰৰ পুৱা ৫ বজাতে তেওঁলোকে হোটেল এৰে আৰু এখন গাড়ীৰে সীমান্তৱর্তী পানীটেংকি হৈ চুবুৰীয়া নেপালত উপস্থিত হয়৷ ইপিনে, দুখনকৈ ৰাজ্যৰ সীমা অতিক্রমি পি কে দত্ত নেপাল পোৱাৰ পাছতহে অসম আৰক্ষীৰ সম্বিৎ আহে৷ বৃহস্পতিবাৰে চি আই ডিৰ এটা দল শিলিগুৰিত উপস্থিত হৈ পি কে দত্তই নিশা কটোৱা হোটেলৰ কোঠাটো ছীল কৰাৰ লগতে চিচি টিভি ফুটেজো সংগ্রহ কৰিছে৷ চি আই ডিৰ দলটোৱে সম্প্রতি চিচি টিভি ফুটেজ পৰীক্ষা কৰি থকাৰ লগতে নেপালত অভিযান চলাবৰ বাবে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্রালয়ৰো অনুমতি বিচাৰিছে৷ প্রয়োজনীয় অনুমতি লাভ কৰাৰ পাছতে চি আই ডিৰ দল পি কে দত্তৰ সন্ধানত নেপালত প্রৱেশ কৰিব৷ নেপালৰ ৰাজধানী কাঠমাণ্ডুত প্রশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড পি কে দত্তই বাহৰ পাতি থকাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷

আৰক্ষী সূত্রৰ মতে, এগৰাকী আৰক্ষী বিষয়াই চাকৰিকালত কৰা উপার্জনতকৈ বহু বেছি ধন–সম্পত্তিৰ গৰাকী হ’ল পি কে দত্ত৷ ৰাজ্যৰ লগতে দিল্লী–মুম্বাই আদিতো তেওঁৰ বহু স্থাবৰ–স্থাবৰ সম্পত্তি আছে৷ কেৱল সেয়াই নহয়, সম্প্রতি পলাতক হৈ থকা প্রাক্তন ডি আই জিগৰাকীয়ে আত্মীয়ৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্র নেপালতো সম্পত্তিৰ পাহাৰ গঢ়িছে৷ উক্ত ঠিকনাসমূহ সংগ্রহ কৰি নেপালত অভিযান চলাবৰ বাবে সাজু হৈছে চি আই ডি৷ এই অভিযানত চি আই ডি কিমানদূৰ সফল হয়, সেয়া লক্ষণীয় হ’ব৷ প্রণিধানযোগ্য যে প্রাক্তন ডিআইজি পি কে দত্তই লখৰাত থকা তেওঁৰ ‘হোটেল ভার্গৱ’ত এছ আই পদৰ প্রশিক্ষণ কেন্দ্র খুলি চাকৰিৰ মুকলি বজাৰ বহুৱাইছিল৷ চি আই ডি আৰু ক্রাইম ব্রাঞ্চৰ অনুসন্ধানত ‘পি কে’ৰ বজাৰত আৰক্ষীৰ চাকৰি ক্রয় কৰিবলৈ অহা বহু প্রার্থীৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে পি কে দত্ত জালত পৰিলেহে এই কেলেংকাৰিত জড়িত ‘ডাঙৰ মানুহ’ৰ মুখাবোৰ খোল খাব৷

You might also like