নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিয়ে আজি পহিলা অক্টোবৰৰ দিনা কেঁকুৰি ট্ৰাইবেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সোণাৰি চাপৰি মিলন নগৰ নিৱাসী পদ্মেশ্বৰ বুঢ়াগোহাঁইক  নিজৰ গৃ‌হত গৈ ফুলাম গামোচা, চেলেং চাদৰ, মানপত্ৰ আৰু ধৰ্মগ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনাই সু-স্বাস্থ্য কামনা কৰে ৷

আজি দিনৰ ১১ বজাত সোণাৰি চাপৰি লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰীণা চুতীয়া আৰু সভানেত্ৰী নলিনী বুঢ়াগোহাঁইৰ  নেতৃত্বত সমিতিৰ সদস্যাসকল মিলিত হৈ বুঢ়াগোহাঁইৰ ঘৰত উপস্থিত হয় আৰু  তেওঁৰ স্বাস্থ্যৰ বুজ লৈ কুশল-মঙ্গলৰ বতৰাৰে এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তুলি জ্যেষ্ঠ  নাগৰিকগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ এৰি অহা কৰ্মজীৱনৰ স্মৃতি ৰোমন্থন কৰাৰো এক সুস্থ পৰিৱেশ গঢ়ি তুলি অতীত ৰোমন্থন কৰায়।

লেখিকা সমাৰোহ সমিতিৰ সম্পাদীকা ৰীণা চুতীয়াই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সভানেত্ৰী নলিনী বুঢ়াগোহাঁই, ইছু চুতীয়া, মমী খনিকৰ আদিয়ে নিজৰ নিজৰ বক্তব্যত সমাজৰ বয়োজ্যেষ্ঠ লোকসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সমাজ তথা পৰিয়ালৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।

You might also like