নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান সেনা জোৱানৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ দেশমাতৃৰ সুৰক্ষাৰ হেতু নিজৰ সকলো উজাৰি দিয়াৰ বাবে সদাতৎপৰ হৈ থকা ভাৰত-মাতৃৰ ৪০গৰাকী বীৰ জোৱানে কোভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ সহায়ৰ হাত আগবঢ়াই আজি প্লাজমা দান কৰে ৷

জোৱানসকলে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত “ফ’ৰ ক’ৰ” আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দ্বাৰা আয়োজিত শিৱিৰত এই প্লাজমা দান কৰে ৷

 মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰি এইদৰে প্লাজমা দানৰ বাবে আগবাঢ়ি অহা প্ৰতিজন জোৱানকে শলাগ লয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

You might also like