নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ শ ভুৱা কৃষকৰ একাউণ্টত পি এম কিষাণৰ ধন

🔹 নলবাৰীত ভুৱা কৃষকৰ বাবে বঞ্চিত প্ৰকৃত কৃষক
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : শেহতীয়াভাৱে পুনৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত  ভুৱা আৰু অস্তিত্বহীন কৃষকৰ তালিকাৰে ধন লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ক্ষেত্ৰত নামনি অসমৰ কৃষি চহকী জিলা নলবাৰীৰ হেজাৰ হেজাৰ ভুৱা কৃষকৰ নাম কটা গৈছিল যদিও এতিয়া তেনে সংখ্যাধিক ভুৱা কৃষকেই হৈ পৰিছে একো একোগৰাকী ‘প্ৰকৃত কৃষক’। উল্লেখ্য, বিগত বছৰৰ ছেপ্তেম্বৰ, অক্টোবৰ মাহত নাম কটা যোৱা কৃষকসকলৰ ভিতৰত ৰাজনৈতিক দলৰ এচাম সুবিধাবাদী পঞ্চায়ত প্ৰতিনিধি, দলীয় নেতা-সদস্য, কৰ্মীৰ পৰিয়ালৰ লোক,  ইষ্টু-কুটুম্বৰ লোককে ধৰি বিজেপি সমৰ্থিত একাংশ পৰিয়ালৰ সদস্য আছিল। এনে নাম কটা যোৱা অস্তিত্বশূন্য তথা ভুৱা কৃষকৰ নাম পুনৰ পি এম কিষাণ সন্মান নিধি আঁচনিত সোমোৱাৰ বাবে এটা দলীয় চক্ৰ সক্ৰিয় হৈ পৰিছিল। আনহাতে, নাম কৰ্তন হোৱা একাংশই  জিলাখনৰ মন্ত্ৰী-বিধায়কক সাক্ষাতো কৰিছিল। নিজৰ নামটো যিকোনো প্ৰকাৰে পি এম কিষাণ সন্মান নিধি আঁচনিত পুনৰ অন্তৰ্ভুক্ত কৰাবৰ বাবে এচাম দলীয় বিষয়ববীয়া-কৰ্মী উঠি-পৰি লাগিছিল। অৱশেষত এচাম সুবিধাবাদী নেতা-কৰ্মী আৰু অস্তিত্বহীন কৃষকৰ নাম তালিকাত সোমাই পৰিল । প্ৰাপ্ত তথ্য মতে, নাম কটা যোৱা এক বৃহৎসংখ্যক ভুৱা কৃষকে লাভ কৰিছে পি এম কিষাণ সন্মান নিধিৰ ধন। জানিব পৰা মতে, বেংক একাউণ্টৰ সলনি ‘পোষ্ট অফিচ’ত নতুনকৈ জমা একাউণ্ট খোলাৰ পিছত লাভ কৰিছে উক্ত আঁচনিৰ ধন। ইয়াক লৈ জিলাখনত পুনৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অভিযোগ অনুসৰি, উক্ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন লাভ কৰা ভুৱা, অস্তিত্বহীন কৃষকসকলৰ ভিভৰত সৰ্বাধিক আছিল জিলাখনৰ তিনিটা বিধানসভা সমষ্টি নলবাৰী, বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিৰ এচাম দলীয় নেতা, গাঁও পঞ্চায়তৰ প্ৰতিনিধি, জিলা পৰিষদৰ সদস্যৰ পৰিয়াল, বিজেপি দলৰ সদস্য-কৰ্মী, সমৰ্থক পৰিয়ালৰ সদস্য। এনে একো  একোটা সুবিধাবাদী পৰিয়ালৰ নিম্নতম চাৰিজন সদস্যৰ পৰা সৰ্বাধিক ৮-১০জন সদস্যই লাভ কৰি আছিল উক্ত আঁচনিৰ ধন। অকল এয়াই নহয়, এনে দলীয় নেতা-পঞ্চায়ত-জিলা পৰিষদৰ প্ৰতিনিধিৰ জিলাখনত থকা  ইষ্টু-কুটুম্ব, অঙহী-বঙহীয়েও লাভ কৰে পি এম কিষাণ সন্মান নিধিৰ বছৰি তিনিটা কিস্তিত ছয় হাজাৰ টকা। এতিয়া শেহতীয়াকৈ এনে জিলাখনৰ প্ৰায় প্ৰতিখন গাঁও পঞ্চায়ত এলেকাৰ শ শ ভুৱা তথা নাম কটা যোৱা কৃষকে (পুৰুষ-মহিলা) লাভ কৰিছে নিজৰ নামত খোলা পোষ্ট অফিচৰ একাউণ্টৰ জৰিয়তে বহুচৰ্চিত পি এম কিষাণ সন্মান নিধিৰ ধন। ধন লাভ কৰা এনে তালিকাৰ বাবে বঞ্চিত হৈছে বহু প্ৰকৃত কৃষক। সচেতন ৰাইজে ইয়াক লৈ ক্ষোভিত হৈ পৰাও দেখা গৈছে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like