নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  ধেমাজি জিলাৰ কুলাজানৰ বগীবিল পথৰ পিয়াং চিতলমাৰীৰ পথাৰত অহা ২২ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব বিশাল জনসভা৷ ইয়াৰ বাবে ইতিমধ্যে প্রায় সম্পূর্ণ হৈ উঠিছে প্রস্তুতিৰ কাম৷ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে আন আন নেতাসকলেও চিতলমাৰীৰ পথাৰত উপস্থিত হৈ প্রধানমন্ত্রীগৰাকীৰ্ উপস্থিতিত হ’ব লগা জনসভাখনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লৈ যোৱাৰ সমান্তৰালভাৱে বর্তমানেও চিতলমাৰীৰ পথাৰত ব্যস্ত হৈ আছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু, ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ৰণোজ পেগুৰ লগতে জিলা প্রশাসনৰ বিষয়াসকল৷

উল্লেখ্য যে চতুর্থবাৰৰ বাবে পুনৰ ধেমাজি জিলাত উপস্থিত হ’ব লগা নৰেন্দ্র মোদীৰ এই জনসভাত বিগত সময়তকৈও যাতে আৰু অধিক লোকক সমাগম কৰিব পাৰে, তাৰ বাবে দলীয় কর্মকর্তাসকল জিলাখনত ব্যস্ত হৈ পৰিছে৷

আনহাতে, কাইলৈ প্রধানমন্ত্রীয়ে ধেমাজিত এখন নতুন অভিযান্ত্রিক মহাবিদ্যালয় আৰু শুৱালকুছিতো অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব  পৰা গৈছে।

You might also like