নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মে’ মাহত একেদিনাই ২ লাখ গৃহত “গৃহপ্ৰৱেশ” অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি

 

 

নিয়মীয়া বাৰ্তা, ১ মে: চলিত মে’ মাহতে “প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)” ৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা ২ লাখ গৃহত একেদিনাই গৃহপ্ৰৱেশ কৰাৰ এক বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ ক্ষন্তেক পিছতে অসমৰ সাংসদ, মন্ত্ৰী, বিধায়ক, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি, খণ্ড উন্নয়ন বিষয়াৰ লগতে উন্নয়ন খণ্ডত কৰ্মৰত বিষয়া-কৰ্মচাৰীকে আদি কৰি বিশিষ্ট ব্যক্তিসকলক সামৰি মুঠ ২ লাখ মানুহে একেদিনাই ২ লাখ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)’ ৰ গৃহ উন্মোচন কৰিব ৷

তাৰেই প্ৰস্তুতিৰ বুজ ল’বৰ বাবে আজি চিৰাং জিলাৰ পিছতে বঙাইগাঁও জিলাত উপস্থিত হৈ ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰঞ্জিত দাসে ৷

 

You might also like