নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিমেন চাপৰিত ধেমাজি জিলা শ্ৰমিক সন্থাৰ মে’ দিৱস পালন

নিয়মীয়া বাৰ্তা,১ মে’ঃ ধেমাজি জিলা শ্ৰমিক সন্থাৰ উদ্যোগত আজি মে’ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ পুৱা ৮-৩০ পতাকা উত্তোলন কৰে ধেমাজি জিলা শ্ৰমিক সন্থাৰ সভাপতি কৰেন্দ্ৰ বসুমতাৰীয়ে। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে ধেমাজি জিলা শ্ৰমিক সন্থাৰ সম্পাদক ৰাজেন স্বৰ্গীয়াৰীয়ে। ইয়াৰ পাছতে ধেমাজি জিলা শ্ৰমিক সন্থাৰ কাৰ্য্যালয়ৰ পৰা শোভাযাত্ৰা উলিওৱা হয়। পুৱা ১০-৩০ বজাৰ পৰা কৰেন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শ্ৰমিক দিৱসৰ তাৎপৰ্য ব্যাখ্যা আগবঢ়াই ধেমাজি জিলা শ্ৰমিক সন্থাৰ উপদেষ্টা দাসীৰাম স্বৰ্গীয়াৰীয়ে কয় শ্ৰমিক সকলে শ্ৰমৰ দ্বাৰা ৰাষ্ট্ৰ তথা দেশৰ অৰ্থনৈতিক বুনিয়াদী উন্নত কৰি আহিছে যদিও শ্ৰমিক সকলৰ প্ৰাপ্য অধিকাৰ সমূহ লাভ কৰিবলৈ সক্ষম নহয় বুলি উল্লেখ কৰি অসংগঠিত শ্ৰমিক সকলৰ প্ৰাপ্য সুবিধা সমূহ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়। সভাত ধেমাজি জিলা শ্ৰমিক সন্থাৰ উপ সভাপতি সুশীল বসুমতাৰী, সহকাৰী সম্পাদক নিউচন পাতিৰ, কাৰ্যালয় সম্পাদক স্বপন বসুমতাৰী,কাৰ্যনিবাহক বিশ্বনাথ টায়ুং,সুভখান চুংক্ৰাং,যোগেশ দেউৰী,অৰুণা পাংগিং প্ৰমুখ্যে কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
You might also like