নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : অসমীয়া সহিত্য জগতত নৱ সংযোজন ঘটাই আজি সোণাৰি চাপৰিত উন্মোচন কৰা হয় “সেন্দূৰীয়া ভাস্কৰ“ নামৰ এখন কবিতা পুথি ৷ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত কেকুঁৰি কুৰৈগুৰি গাঁৱৰ নিৱাসী তথা বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত পলাশবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমকান্ত চুতীয়াৰ “সেন্দূৰীয়া ভাস্কৰ“ নামৰ ৩০টা মনোগ্ৰাহী কবিতা সন্নিৱিষ্ট ৩৬ পৃষ্ঠাৰ কবিতা পুথিখন উন্মোচন কৰে কবি-সাহিত্যিক,লেখক তথা অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰবন্ধক জয়চন্দ্ৰ হাজৰিকাই ৷ পলাশবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি দিনৰ ১১ বজাত দিব্য খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈ মুখ্য অতিথি, উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক অজিত খনিকৰ, গহীন চুতীয়া আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ভোগেশ্বৰ চুতীয়া নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকাৰ লগতে অৰ্ধশতাধিক শিক্ষানুৰাগীৰ লগতে চুতীয়াৰ পৰিয়াল-পৰিজনো উপস্থিত থাকে ৷ শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে কোনো এক আকস্মিক ঘটনাত মানসিক দ্বন্দ্বত ভুগি নীৰৱে সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰি অহা আৰু বাস্তৱ ঘটনাৰ পৰা ৰামায়ণ-মহাভাৰতৰ তথ্যও সন্নিৱিষ্ট থকা “সেন্দূৰীয়া ভাস্কৰ“ নামৰ কবিতা পুথি উন্মোচনী অনুষ্ঠানত আস্থাপ্ৰিয়া শইকীয়াৰ বৰগীত পৰিৱেশনে অধিক মনোগ্ৰাহী কৰি তোলে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি