নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী আচৰণবিধিক লৈ তৎপৰ আৰক্ষী প্ৰশাসন, নগৰবেৰাত নিশ্ছিদ্ৰ তালাচী

নিৰ্বাচনী আচৰণবিধি নমনা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন | নিৰ্বাচনৰ প্ৰাকক্ষণত কামৰূপৰ বৃহত্তৰ নগৰবেৰা অঞ্চলৰ বাট-পথত তৎপৰ হৈ পৰিছে নগৰবেৰা আৰক্ষী |

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মানি নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাসৰ তৎপৰতাত অঞ্চলটোত উৎসবহিৰ্ভূত ধন আৰু সুৰাৰ প্ৰকোপমুক্ত এক নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজপথৰ বিভিন্ন বাহনত প্ৰতি সন্ধিয়া নিশ্ছিদ্ৰ তালাচী অব্যাহত ৰাখিছে নগৰবেৰা আৰক্ষীয়ে |

অৱশ্যে এই তালাচী পৰত বৰ্তমানলৈ কোনোধৰণৰ আপত্তিজনক সামগ্ৰী অথবা ধন উদ্ধাৰ হোৱা নাই | আৰক্ষী প্ৰশাসনৰ তালাচীৰ এনে ধাৰাবাহিক পদক্ষেপক ৰাইজে আদৰণি জনাইছে |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৯ মাৰ্চ :

You might also like