নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ লক্ষ্যৰে অসম পুলিচঃ কচুগাঁ‌ও-ফকিৰাগ্ৰামত আৰক্ষীৰ ড্ৰাগছবিৰোধী দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ কচুগাঁ‌ও থানাৰ আৰক্ষীৰ উদ্যোগত আৰু ভিডিপি-ৰ সহযোগত ড্ৰাগছবিৰোধী সমদল উলিওৱা হয়। হাতে হাতে ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগানসম্বলিত প্লেকাৰ্ড লৈ আৰক্ষী আৰু ভিডিপিয়ে ড্ৰাগছবিৰোধী শ্লোগানেৰে পথ উত্তাল কৰি তোলে । কচুগাঁ‌ও অঞ্চলত সমদল কৰি সজাগতাৰ সৃষ্টি কৰে আৰক্ষী আৰু ভিডিপিয়ে। উক্ত সমদলত স্থানীয় যুৱক যুৱতীয়ে ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগান দিয়ে।সৰ্বনাশী ড্ৰাগছ বৰ্জন কৰক,বৰ বিহ স্বৰূপ ড্ৰাগছৰ পৰা আতৰি থাকক,ড্ৰাগছৰ বেহা নিপাত যাওক আদি শ্লোগানেৰে কচুগাঁ‌ও অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে। উক্ত ড্ৰাগছ বিৰোধী সমদলৰ নেতৃত্ব দিয়ে কচুগাঁ‌ও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল চন্দ্ৰ ৰায়ে । ইপিনে ফকিৰাগ্ৰাম থানাতো আজি ড্ৰাগছ বিৰোধী দিৱস পালন কৰাৰ লগতে ফকিৰাগ্ৰাম থানা পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ শৰ্মাক বিদাই দি নতুন সভাপতি ড: পৰেশ চন্দ্ৰ ৰায়ক আদৰনি জনায় ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like