ডিলাইত ১৫ কোটি টকাৰ মৰফিনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: কাৰ্বি আংলং জিলা আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান চলাই অহাৰ সময়তে আজি জিলাখনৰ আৰক্ষীয়ে ডিলাইত অভিযান চলাই বুজন পৰিমাণৰ মাৰাত্মক নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, কাৰ্বি আংলং জিলা আৰক্ষীয়ে এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিলাই থানাৰ অন্তৰ্গত ডিলাই তিনিআলিত তালাচী অভিযান চলায়। উক্ত অভিযানত আজি দিনৰ প্ৰায় ১১.৩০ বজাত মণিপুৰৰ পৰা আহি থকা ইউপি-১৪-বিভি-৪২৩৪ নম্বৰৰ ডাষ্টাৰ বাহন খনত তালাচী চলাই বাহনৰ ভিতৰত গোপন স্থানত লুকুৱাই অনা অৱস্থাত ৭ টা প্লাষ্টিকৰ টোপোলাত প্ৰায় চাৰি কিঃগ্ৰাঃ মৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় পোন্ধৰ কোটি টকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
এই সন্দৰ্ভত আৰক্ষীয়ে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে মণিপুৰ চূড়চান্দপুৰ জিলাৰ টলেনৰ হেমখলাল লুনকিন (৩৭) আৰু কাংপকপি জিলাৰ চাইকুল বজাৰৰ জাংমিনলাল হাওকিপ (৩৮) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, আৰক্ষীৰ প্ৰাথমিক তদন্তত জানিব পৰা অনুসৰি ধৃত সৰবৰাহকাৰী দুটাই গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা কৰা মৰফিনখিনি মহকুমা আৰক্ষী বিষয়া জন দাসৰ তত্বাৱধানত এনডিপিএচ আইনৰ অধীনত জব্দ কৰা হয়।