নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত আৰক্ষীৰ জালত নিচাজাতীয় কফ ছিৰাপসহ কুখ্যাত ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ২৩ মে’ : বুধবাৰে নিশা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীয়ে এক অতৰ্কিত অভিযান চলায়। অভিযানত এজন সৰবৰাহকাৰীক হাতে-লোটে আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিচাযুক্ত কফ ছিৰাপ জব্দ কৰে আৰক্ষীয়ে | অঞ্চলটোৰ চেনীমাৰাত নিশাৰ ভাগত নগৰবেৰা আৰক্ষী আৰু টুপামাৰী আৰক্ষী চকীৰ এদল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত এই অভিযান চলায় | অভিযানত নিচাজাতীয় কফ ছিৰাপৰ ১৫০টাকৈ বটলৰ সৈতে জামলাই অঞ্চলৰ জেহেৰুল ইছলাম নামৰ এজনক আটক কৰে আৰক্ষীয়ে | নগৰবেৰা থানাৰ অ’চি লাৱণ্য বড়ো আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই আৰক্ষীৰ দলটিক নেতৃত্ব দিছিল | স্মৰ্তব্য যে পূৰ্বেও অঞ্চলটোত আৰক্ষীৰ জালত পৰিছিল কেইবাজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। পিছে দুদিনমান জে’ল হাজোতত থাকি মুকলি হৈয়েই পুনৰ এই ব্যৱসায়ৰ মজবুত নেটৱৰ্ক গঢ়ি তোলা বুলিও সচেতন ৰাইজে মন্তব্য কৰে | ফলত সম্প্ৰতি অঞ্চলজুৰি ড্ৰাগছৰ ব্যৱসায় বিয়পি পৰাৰ লগতে আৰক্ষীৰো নিদ্ৰাহৰণ হোৱা বুলি ৰাইজৰ অভিমত | আগলৈ এইক্ষেত্ৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ আহ্বান সচেতন ৰাইজৰ |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like