নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ টুপামাৰীত জুৱাৰীৰ গেং উৎখাত আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৪ মেঃ কামৰূপৰ নগৰবেৰা থানাৰ অন্তৰ্গত টুপামাৰী আৰক্ষী চকীৰ এলেকাধীন টুপামাৰীত আজি জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অতৰ্কিত এক অভিযান জুৱাৰ গেং উৎখাত কৰাৰ লগতে পাঁচজনকৈ জুৱাৰীসহ জুৱা জুৱা খেলত ব্যৱহৃত বিভিন্ন ধৰণৰ সা-সামগ্ৰী জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে৷ জানিব পৰা মতে, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ এক গোপন খৱৰৰ ভিত্তিত আৰক্ষী বিষয়া সুশীল কুমাৰ বসুমতাৰীৰ নেতৃত্বত নগৰবেৰাৰ টুপামাৰীত এক অতৰ্কিত অভিযান চলাই শক্তিশালী জুৱাৰী চক্ৰ এটা উৎখাত কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত তথ্য মতে, আৰক্ষীয়ে আটক কৰা জুৱাৰীসকল ক্ৰমে ১ নং মালিবাৰী পথাৰৰ চান্দ মিঞাৰ পুত্ৰ তাৰা মিঞা, মন্দিৰাৰ বাক্কাৰ আলীৰ পুত্ৰ নুৰুল ইছলাম, মন্দিৰা এন চি গাঁৱৰ কুদ্দুচ আলীৰ পুত্ৰ ফকৰুদ্দিন, বৰপেটা চড়কপাৰাৰ ফয়জুল হকৰ পুত্ৰ বিল্লাল হুছেইন, কাছুমাৰা মৈৰাদিয়াৰ হজৰত আলীৰ পুত্ৰ আচমত আলী বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে জুৱাৰী দলটিৰ সতে আৰক্ষীয়ে ৩খনকৈ বাইক, ৯টা মোবাইল হেণ্ডচেট, তাচপাত সহ, নগদ ধন ৩৮২০ টকাৰ উপৰি জুৱা খেলত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি আটকাধীন জুৱাৰী পাঁচজন নগৰবেৰা থানালৈ নি মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like