নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু সামৰি ঘৰমুৱা হোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু গৌৰীপুৰৰ প্ৰসেনজিতৰ

নিয়মীয়া বাৰ্তা, ১৪ মেঃ আজি পুৱা এক শোকাবহ পথ দুৰ্ঘটনাত ধুবুৰীৰ গৌৰীপুৰৰ এগৰাকী উদীয়মান ব্যৱসায়ী, জিলাখনৰ আগশাৰীৰ আলোকসজ্জা আৰু শব্দ প্ৰক্ষেপকাৰী তথা জিলাখনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এজন যুৱকৰ মৃত্যু ঘটাৰ ঘটনাই সৰ্বত্ৰ এতিয়া শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে, প্ৰসেনজিৎ সাহা নামৰ দূৰ্ভগীয়া সেই যুৱকজনে ১২ আৰু ১৩ মে’ত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত “ব’হাগী উৎসৱ-২০২৩”ৰ আলোকসজ্জা আৰু শব্দ প্ৰক্ষেপকাৰীৰ দায়িত্ব লভিছিল। কালি ব’হাগী উৎসৱৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত আলোকসজ্জা আৰু শব্দ প্ৰক্ষেপৰ বিভিন্ন সামগ্ৰী খোলাৰ কাম আজি পুৱাহে সম্পূৰ্ণ হৈছিল। সকলো কাম সামৰি আজি পুৱা মিথুন সাহা নামৰ সম্পৰ্কীয় এক আত্মীয়ৰ সৈতে নিজৰ এ এচ ১৭ ডি/৬০৭৩ নম্বৰৰ ই’য়ন বাহনখনেৰে গৌৰীপুৰৰ ৪নং ৱাৰ্ডত থকা নিজ গৃহ অভিমুখে ৰাওনা হৈছিল তেওঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আদবাটতে ধুবুৰী-গৌৰীপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা খুঁটাত তীব্ৰ বেগেৰে খুন্দা মাৰে বাহনখনে আৰু ফলত চালকৰ আসনত থকা প্ৰসেনজিৎ সাহাৰ থিতাতে মৃত্যু হয়। আনহাতে বাহনখনত থকা মিথুন সাহা নামৰ যুৱকজনো আহত হয় যদিও সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে তেওঁৰ। মিথুন সাহাৰ ঘৰ ধুবুৰীৰ ১২নং ৱাৰ্ডত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like