নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেনচন নল’বলৈ কৈ হাহাকাৰ গাড়ীচোৰৰ : ছিপাঝাৰত চিনেমাৰ কায়দাৰে অভিযান আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিল : আগে আগে বিলাসী বাহনত গাড়ী চোৰ আৰু পিছে পিছে চোৰক ধৰিবলৈ আৰক্ষীৰ গাড়ী। দিন দূপৰতে ছিপাঝাৰৰ ৰাজপথত সংঘটিত হ’ল চোৰ-পুলিচৰ খেদা খেদিৰ এই ৰোমাঞ্ছকৰ তথা চিনেমা সদৃশ শিহৰণকাৰী ঘটনা।আনকি আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰা চোৰক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। অৱশ্যে দৰং আৰক্ষীৰ দুঘণ্টা জোৰা মাৰথান অভিযানৰ অন্তত গ্ৰেপ্তাৰ হয় দৰঙৰ দীঘিৰপাৰ বণিয়া পাৰাৰ কুখ্যাত গাড়ীচোৰ পৱন বণিয়া ওৰফে পিংকু। আনহাতে চোৰে পলায়ন কৰা এইগাড়ী ৰখাবলৈ গৈ আহত হ’ব লগীয়া হয় পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টুবৈশ্য আৰু কুৰুৱা নিৰীক্ষণ চকীৰ আৰক্ষী জোৱান জেহেৰুল ইছলাম। উল্লেখযোগ্য পৰহি মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত জনাৰাচৌকাত আব্দুল আজিজ নামৰ লোকজনৰ ঘৰৰ পৰাই নিশা চুৰি হৈছিল লোকজনৰ এ এচ ০১-এফ এল ৭৫২২নম্বৰৰ ব্ৰীজা বাহনখন। আনহাতে ঘৰৰ দেৱালত  লিখি থৈ গৈছিল…. গাড়ী ৩ দিন পিছত পাবি, হাহাকাৰ নকৰিবি, পুলিচক খবৰ দিলে নাপাবি, কাকোকে নকবি, বেয়া একো কাম নকৰো, টেনশ্যন নলবি। এই ঘটনাই স্বাভাৱিকতে ৰাইজক আমোদ দিছিল যদিও আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল সহজ ভাবে।যাৰ বাবে দৰং আৰক্ষীয়ে গোপনে চলাই আছিল অভিযান।সেই অনুসৰি আজি দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৰ নামখলাত চুৰি হোৱা গাড়ীখন ৰখাই থোৱা বুলি খবৰ পাই পাথৰিঘাট আৰু খৈৰাবাৰীৰ আৰক্ষী গৈ উপস্থিত হয়। কিন্তু আৰক্ষী গৈ পোৱাৰ পিছত গাড়ীখনত চালক হিচাপে থকা লোকজনে ওলোটাই আৰক্ষীকহে আক্ৰমণ কৰাৰ চেষ্টা কৰে।তাতেই চোৰটোক উদ্দেশ্য কৰি গুলীচালনা কৰে যদিও গাড়ী সহ তীব্ৰ বেগেৰে পলায়ন কৰে।আনকি দীপিলা-খৈৰাবাৰী পথত এখন বলেৰ গাড়ীৰে ভেটা দি ৰখাবলৈ চেষ্টা কৰাৰ পিছতো বলেৰখনক ওফৰাই পেলাই গুছি যায়। ইতিমধ্যে নামখলাৰ পৰাই আৰক্ষীৰ দলে অনুসৰণ কৰাৰ ফলত চোৰটেৱেও বঢ়াই দিয়ে গাড়ীৰ গতিবেগ।যাৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতি হোৱাৰ লগতে তীব্ৰ গাড়ীৰ চেপাত পথত চৰি থকা ছয়টা গৰু-ছাগলীৰো মৃত্যু হয়।আনকি ৰাজপথত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। পশ্চিম দৰঙৰ কেইবাটাও সৰু-সুৰা পথেৰে গৈ আৰক্ষীক একপ্ৰকাৰৰ নাকত ধৰি চাকত ঘুৰাই চোৰটেৱে আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কুৰুৱা অভিমুখে যায়। আৰক্ষীয়েই ইতিমধ্যে উক্ত ঠাইত বাহিনী সস্তম কৰি ৰাখে।সেই অনুসৰি কুৰুৱা নিৰীক্ষণ চকীৰ আৰক্ষী কনিষ্টবল জেহেৰুল ইছলাম আৰু পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টুবৈশ্য ই আগভেটি ধৰাৰ চেষ্টা কৰাত দুই আৰক্ষীকো খুন্দা মাৰি আগবাঢ়িয়েই যায় চোৰৰ গাড়ী। আঘাতপ্ৰাপ্ত দুয়োগৰাকী আৰক্ষীকে ততাতৈয়াকৈ ছিপাঝাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও জেহেৰুল ইছলামৰ আঘাট গুৰুতৰ হোৱাত প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ।ইপিনে দুই আৰক্ষীক আঘাতপ্ৰাপ্ত কৰি পলায়ন কৰা চোৰটো কিছুদূৰ যোৱাৰ পিছতে নিয়ণ্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত নমাই দিয়ে গাড়ী।তাৰ পিছতো কিন্তু পলাবলৈ চেষ্টা এৰা নাছিল।পথাৰৰ মাজে মাজে দৌৰি গৈ এজোপা বাহনিত লুকাই থকাৰ পিছত দৰঙৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰুৱা,ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱা ,উপ পৰিদৰ্শক নিতাই সাহা ,বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মা সহিতে এটি আৰক্ষীৰ দলে স্হানীয় ৰাইজৰ সহযোগত লুকাই থকা অৱস্থাৰ পৰা কৰায়ত্ত কৰে গাড়ী চোৰটোক। অৱশ্যে কুৰুৱাটো গুলীচালনা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ধৃত চোৰটোক পৱন বণিয়া ওৰফে পিংকু বুলি প্ৰকাশ কৰে আৰক্ষীয়ে। লক্ষণীয় যে চোৰটোৱে গাড়ীখন তীব্ৰ বেগেৰে লৈ যোৱা অৱস্হাত প্ৰায় দুঘণ্টা ধৰি ৰাজপথত সৃষ্টি হৈছিল ৰূদ্ধ শ্বাস পৰিস্থিতিৰ। ছিপাঝাৰৰ থানাত উত্তপ্ত পৰিস্থিতি: ইফালে কুখ্যাত গাড়ীচোৰ হিচাপে পৰিচিত পৱন বণিয়াক ছিপাঝাৰ থানালৈ অনাৰ পিছতে যথেষ্ট সংখ্যক ক্ষোভিত ৰাইজ উপস্থিত হয় থানাত।খোদ আৰক্ষীকে নাকত ধৰি চাকত ঘুৰাবলৈ মৰসাহ কৰা গাড়ী চোৰটোক কঠোৰ শাস্তিৰ বিহাৰ বাবে ৰাইজে দাবী জনাইছে। বিশেষকৈ পূৰ্বতেও কেইবাটাও গাড়ী চুৰি ঘটনা সংঘটিত কৰি জেললৈ যোৱাৰ পাছতো সন্ত্ৰাস কমা নাছিল চোৰটোৰ।যাৰ বাবে ৰাইজ হৈ আছিল ক্ষোভিত।আনকি আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত একাংশ লোকে আক্ৰমণ কৰিবলৈও উদ্যত হয়।ইয়াকে লৈ থানা চৌহদত এক উত্তপ্ত পৰিবেশৰো সৃষ্টি হয়। ইফালে আৰক্ষীয়ে ধৃত পৱন ওৰফে পিংকুৰ লগত আৰু কোনোবা জড়িত আছে নেকি সেয়াও তদন্ত কৰিব বুলি প্ৰকাশ কৰিছে।সকলোবোৰ কথায়েই আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যদিও আজি দিনদূপৰতে চিনেমাৰ কাহিনীৰ দৰেই ৰাজপথত চলি  চোৰ পুলিচৰ খেদাখেদিৰ ঘটনাই ৰাইজকো আতংকিত কৰি ৰাখিলে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like