নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আৰক্ষী-চিআৰপিএফৰ অভিযান ড্ৰাগছ ৰেকেট উৎখাত

বিশেষ বাৰ্তা, ২০ মাৰ্চঃ আৰক্ষী আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ চমুকৈ চি আৰ পি এফে ড্ৰাগছৰ বিৰুদ্ধে আজি মৰিয়নিত চলোৱা এক অভিযানত বৃহৎ সফলতা লাভ কৰে। মৰিয়নি নগৰৰ যোৰহাট মৰিয়নি পথৰ হেঙুল থিয়েটাৰৰ কাৰ্য্যালয়ৰ সমীপত এটা ভাড়া ঘৰত চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ হেৰ’ইন, নিচাযুক্ত কেপচুল, নগদ ধন উদ্ধাৰ কৰাৰ লগতে দুটাকৈ ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰি ড্ৰাগছ ৰেকেট উৎখাত কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া কাকলি পাটগিৰিৰ নেতৃত্বত মৰিয়নিৰ আৰক্ষী আৰু চি আৰ পি এফৰ যোৰহাট ৰৰৈয়াৰ ১১৯নং বেটেলিয়নে এক অভিযান চলায় । জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি ডিমাপুৰৰ এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ মৰিয়নিলৈ সৰবৰাহ কৰাৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰে। আজি দুপৰীয়া ৰে’লৱে ষ্টেচনৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা দীনেশ দাস নামৰ এটা সৰবৰাহকাৰীক অসামৰিক পোছাকত যোৱা আৰক্ষী আৰু চি আৰ পি এফে আটক কৰে। আৰক্ষীৰ জেৰাত ড্ৰাগছ সৰবৰাহকাৰীটোৱে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি অনা বুলি স্বীকাৰ কৰে। পিছত ধৃত দীনেশ দাসৰ স্বীকাৰোক্তি মৰ্মে আৰক্ষীয়ে হেঙুল থিয়েটাৰৰ সমীপৰ জনৈক হাজৰিকাৰ এটা ভাড়াঘৰত অভিযান চলায়। ভাড়াঘৰটোত যোগিন্দৰ সিং নামৰ এজন লোকে পৰিয়ালসহ বাস কৰিছিল। আৰক্ষী আৰু চি আৰ পি এফে ভাড়াঘৰটোত অভিযান চলাই ডিভানত লুকুৱাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ হেৰ’ইন আৰু নিচাযুক্ত কেপচুল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া মতে, ধৃত দীনেশ দাসে ডিমাপুৰৰ পৰা পাঁ‌চটা বিশেষ কন্টেইনাৰত হেৰ’ইনখিনি আনি যোগিন্দৰক দিছিল। তাৰ বাবদ বৃহৎ ধন আদায় লৈছিল। আৰক্ষীয়ে যোগিন্দৰৰ ঘৰৰ পৰা পাঁ‌চটা বিশেষ কন্টেইনাৰত লুকুৱাই থোৱা হেৰ’ইনখিনিৰ লগতে নিচাযুক্ত কেপচুলখিনি জব্দ কৰে। মুঠ ৬৫ গ্ৰাম হেৰ’ইন আৰু প্ৰায় ৪২৮ গ্ৰাম ওজনৰ হাজাৰোধিক নিচাযুক্ত কেপচুল জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ’ইন আৰু নিচাযুক্ত কেপচুলৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকাৰ হ’ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। আৰক্ষীয়ে দুয়োৰে পৰা নগদ ধনো উদ্ধাৰ কৰে। উল্লেখযোগ্য যে, ধৃত যোগিন্দৰে ভাড়াঘৰৰ সমীপতে ‘পাঞ্জাৱ ডিলাইট’ নামৰে এখন ফাষ্টফুডৰ দোকান আৰম্ভ কৰি দীৰ্ঘদিন তাৰ আঁ‌ৰত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। মৰিয়নিৰ কিছুসংখ্যক বিশেষ যুৱক যুৱতীৰ লগতে যোৰহাট, তিতাবৰ আদি যুৱক যুৱতী নিয়মীয়া গ্ৰাহক আছিল যোগিন্দৰৰ ড্ৰাগছৰ। স্থানীয় লোকৰ লগতে আৰক্ষীয়েও এই বিষয়ে জানিছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত আৰক্ষীও আগবাঢ়িব পৰা নাছিল। ইতিমধ্যে আৰক্ষীয়ে ধৃত দীনেশ দাস আৰু যোগিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। তিতাবৰ মহকুমাৰ আৰক্ষীৰ বিষয়া কাকলি পাটগিৰিৰ আজিৰ সাহসী পদক্ষেপক স্থানীয় ৰাইজে শলাগ লৈছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like