🔹 আৰক্ষীৰ তদন্তত ফাদিল সমগ্ৰ ঘটনা, আটক ঘাতক মাতৃ
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : কামৰূপৰ নগৰবেৰাত এমহীয়া দেৱশিশুক হত্যাৰ ৰহস্য উদঘাটন হ’ল। পৰকীয়া প্ৰেমৰ বাবেই মাতৃৰ নৃশংসতাৰ বলি হ’ল এটি এমহীয়া দেৱশিশু | নগৰবেৰাৰ খামেৰী গাঁৱত পোহৰলৈ আহিছে এই বৰ্বৰ কাণ্ড। যোৱা ৭ অক্টোবৰৰ নিশাৰ ভাগত পৰকীয়া প্ৰেমিক শ্বহিদুল ইছলামৰ সৈতে প্ৰেমিকা মঞ্জুৱাৰা খাতুনে মিলি ঘৰত কোনো নথকাৰ সুযোগত দেৱশিশুটিক হত্যা কৰি ঘৰৰ পাছফালৰ পুখুৰীত পেলাই দি সমগ্ৰ ঘটনা গাপ দিব বিচাৰিছিল যদিও ঘটনা সন্দৰ্ভত মঞ্জুৱাৰা খাতুনৰ স্বামী ফুলচান্দ আলীৰ এক এজাহাৰৰ ভিত্তিত আৰক্ষীৰ তদন্তত ফাদিল হয় সকলো ৰহস্য | পৰকীয়া প্ৰেমৰ বাবেই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি নিজমুখে স্বীকাৰ কৰে পাষাণ মাতৃ মঞ্জুৱাৰাই | অৱশেষত নগৰবেৰা আৰক্ষীয়ে মঙলবাৰে পুৱতি নিশা মঞ্জুৱাৰা খাতুনক আটক কৰি থানালৈ নি জেৰা চলায় আৰু পাছত ন্যায়িক জিম্মাত প্ৰেৰণৰ দিহা কৰে | এনে এক বৰ্বৰ ঘটনাই চাঞ্চল্য বিয়পাইছে অঞ্চলটোত |পৰকীয়া প্ৰেমৰ বাবেই সন্তানক হত্যাৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰা মহিলাগৰাকীৰ শাস্তিৰ দাবী জনাইছে ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস