চোৰাং সোণৰ বেহাত জড়িত আৰক্ষী বিষয়াৰ ঘৰত টকাৰ উজান
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ গুৱাহাটী মহানগৰ আৰক্ষীয়ে এক অভিযানত মহানগৰীত ৮০০ গ্রাম সোণ জব্দ কৰাৰ লগতে ৮ লাখ টকা জব্দ কৰাৰ পিছত চোৰাং সোণ সৰবৰাহৰ সৈতে জড়িত আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱাটীৰ নগাঁৱৰ বাসগৃহতো অভিযান চলে৷ মহানগৰ আৰক্ষীৰ এটা অভিযানকাৰী দলে নিশা ৯ বজাত নগাঁও চহৰৰ আৰক্ষী ছাউনীত থকা আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱাটী আৰু উপ–পৰিদর্শক বর্ণালী বৰাৰ চৰকাৰী বাসগৃহত অভিযান চলায়৷ বাতৰি লিখা সময়লৈকে চলি থকা এই অভিযানত বৃহৎ পৰিমাণৰ নগদ টকা জব্দ কৰিবলৈ সক্ষম হয় মহানগৰী আৰক্ষীয়ে৷
অভিযানকাৰী দলটোৱে বদ্রীপ্রসাদ বাৰুৱাটীৰ পত্নী বর্ণালী বৰাক সোধা–পোছা অব্যাহত ৰাখিছে৷ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ উপস্থিতিত চলা অভিযানৰ সময়ত আৰক্ষী উপ–পৰিদর্শক পতি–পত্নীয়ে বাস কৰা চৰকাৰী আৱাসৰ পৰা কেতবোৰ আপত্তিজনক নথি–পত্রও জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱাটী সম্প্রতি গুৱাহাটী ৰে’ল আৰক্ষীত কর্মৰত হৈ থকাৰ বিপৰীতে পত্নী বর্ণালী বৰাই নগাঁও ৰে’ল আৰক্ষীত উপ–পৰিদর্শকৰূপে কার্যনির্বাহ কৰি আছে৷
নগাঁৱত বহু বছৰ ধৰি কর্মৰত হৈ থকা বদ্রীপ্রসাদে পৰৱর্তী সময়ত কার্বি আংলং জিলাত আৰু শেহতীয়াকৈ গুৱাহাটী ৰে’লৱে আৰক্ষীলৈ বদলি হৈ গৈছিল৷ ইপিনে, নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰী নামৰ ব্যৱসায়িক প্রতিষ্ঠানতো মহানগৰ আৰক্ষীয়ে অভিযান চলাই আছে৷ গুৱাহাটীত জব্দ হোৱা বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধনৰ ঘটনাৰ আঁত ধৰিয়ে ব্যৱসায়িক প্রতিষ্ঠানটোত আৰক্ষীয়ে অভিযান চলোৱাৰ লগতে স্বত্বাধিকাৰজনৰ পুত্র ৰাম অৱতাৰ মনিহাৰীক সোধা–পোছাৰ বাবে আটক কৰিছে৷
উল্লেখ্য যে মঙলবাৰে দিনৰ ভাগত মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটীৰ ভৰলুমুখত অভিযান চলাই ৮০০ গ্রাম সোণ, নগদ ৮ লাখ টকাসহ দুই সৰবৰাহকাৰী মনোজ শ্বাহ আৰু আমান আলীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দুই সৰবৰাহকাৰীৰ পৰা ৩০খন সোণৰ বিস্কুট, ৩০টা সোণৰ মুদ্রা আৰু নগদ ৮ লাখ টকা জব্দ কৰে৷ দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে জি আৰ পি উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱাটীক আটক কৰি সোধা–পোছা অব্যাহত ৰাখে৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জব্দকৃত সোণখিনিৰ মূল্য প্রায় ৫০ লাখ টকা৷ দুই সৰবৰাহকাৰীয়ে নগাঁৱৰ এখন জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ নির্দেশমর্মে গুৱাহাটীলৈ এই সোণখিনি সৰবৰাহ কৰিছিল৷ লগতে ৮ লাখ টকা বদ্রীপ্রসাদ বাৰুৱাটীয়ে দিয়া বুলি স্বীকাৰ কৰিছে৷ ধৃত দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মহানগৰ আৰক্ষীয়ে উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱাটীক আটক কৰে৷ দুই সৰবৰাহকাৰীয়ে গুৱাহাটীৰ পৰা এজন লোকক লৈ সোণ আৰু টকাখিনি ঢ়েকীয়াজুলিলৈ নিয়াৰ কথা আছিল৷ চোৰাং সোণ সৰবৰাহৰ লগত জি আৰ পিৰ উপ–পৰিদর্শক জড়িত থকাৰ অভিযোগত আটক হোৱা ঘটনাক লৈ আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে চোৰাং সোণ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে পূর্বেও শ্রৱণ কুমাৰ ঝা নামৰ এগৰাকী জি আৰ পিৰ উপ–পৰিদর্শকক গ্রেপ্তাৰ কৰিছিল৷ চোৰাং সোণ সৰবৰাহৰ অভিযোগত দিছপুৰ থানাৰ উপ–পৰিদর্শক নিপু কলিতাকো গ্রেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে৷ সম্প্রতি নিপু কলিতাই ন্যায়ালয়ৰ নির্দেশ অনুসৰি পুনৰ কর্তব্যত যোগদান কৰিছে৷ চোৰাং সোণ সৰবৰাহত অসম আৰক্ষীৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী জড়িত হৈ থকা বিষয়টো আৰক্ষী সঞ্চালকপ্রধানে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷