নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ দ্বিতীয় বৃহৎ আঁচনিঃ জলসিঞ্চনৰ নামত ৫০ বছৰে লুণ্ঠন

মেৰামতি–পুনৰ নির্মাণৰ নামত বছৰি কোটি কোটি টকাৰ অপচয়

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ জলসিঞ্চন আঁচনি৷ আঁচনিখনৰ ৰূপায়ণ আৰম্ভ হৈছিল ১৯৭২ চনতে৷ ৫০ বছৰ অতিক্রম কৰিবলৈ ওলোৱা সময়তো আঁচনিখনৰ ৰূপায়ণ সম্পূর্ণ হৈ উঠা নাই৷ কৃষকে খেতিপথাৰত পোৱা নাই পানী৷ অথচ পানী যোগান আঁচনিখনৰ নামত বছৰি ব্যয় কৰি থকা হৈছে কোটি কোটি টকা৷ এখন আঁচনিৰ নামত অর্ধশতিকাজুৰি অবিৰাম লুণ্ঠন চলি থকাৰ এই কাহিনী সংঘটিত হৈছে অসমৰ নগাঁও জিলাত৷ জিলাখনত ’৭০ৰ দশকতে আৰম্ভ কৰা আঁচনিখনে আজিও কৃষকৰ পানীৰ চাহিদা পূৰণ কৰিব পৰা নাই৷ অথচ আঁচনিখনৰ নামত লুণ্ঠনকাৰী এটা চক্রৰ ধনৰ চাহিদা ঠিকেই পূৰণ হৈ আছে৷

উল্লেখ্য যে নগাঁও জিলাৰ বৃহৎ অংশৰ কৃষক ৰাইজক উপকৃত কৰিব পৰাকৈ ১৯৭২ চনতে আৰম্ভ কৰা হৈছিল কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনিৰ কাম৷ হাতীমূৰা পাহাৰৰ কাষেদি বৈ যোৱা ব্রহ্মপুত্রৰ পাৰত স্থাপন কৰা হৈছিল এই জলসিঞ্চন আঁচনি৷ অপৰূপ প্রাকৃতিক সৌন্দর্যৰ মাজত পৰিৱেষ্টিত এই জলসিঞ্চন আঁচনিক লৈ বৃহৎসংখ্যক কৃষক ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছিল যদিও কৃষকৰ সেই আশা অকালতে মৰহি গ’ল৷ ৮৪৮০ হেক্টৰ কৃষিভূমিত পানী যোগানৰ নির্ধাৰিত লক্ষ্য আছিল এই আঁচনিখনৰ৷ পৰৱর্তী সময়ত এই আঁচনিখনক সংলগ্ন কৰি ১৯৭৭ চনত আৰম্ভ কৰা হয় কলং উত্তোলিত জলসিঞ্চন আঁচনি৷

এই আঁচনিৰ লক্ষ্য নির্ধাৰণ কৰা হ’ল ২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগান৷ তেতিয়াৰে পৰা এই দুয়োখন আঁচনিয়ে কলিয়াবৰ–কলং উত্তোলিত জলসিঞ্চন আঁচনি হিচাপে পৰিচিতি লাভ কৰে৷ শেহতীয়াভাৱে কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ ব্রাজখনৰ বিপৰীতে ১৯৭২ চনত স্থাপিত কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনিৰ ব্রাজখন ব্রহ্মপুত্রৰ পাৰৰ পৰা প্রায় নিশ্চিহ্ণ হৈ পৰিল৷ উচ্চ ক্ষমতাসম্পন্ন ৮টাকৈ ইলেকট্রিক মটৰ পাম্পেৰে পৰিপূর্ণ ব্রাজখনৰ অস্তিত্ব নোহোৱাৰ দৰে হৈ পৰিছে৷ ২০১৮ বর্ষত হাতীমূৰাৰ ব্রহ্মপুত্রৰ বালিত জৰাজীর্ণ অৱস্থাত পৰি থকা ব্রাজখন পৰৱর্তী সময়ত মেৰামতি কৰাৰ বিপৰীতে ভাঙি চূৰমাৰ কৰে জলসিঞ্চন বিভাগে৷ সম্প্রতি উচ্চ ক্ষমতাসম্পন্ন ইলেকট্রিক মটৰসহ ব্রাজখনৰ ভগ্ণাৱশেষ মুকলি আকাশৰ তলতে পৰি আছে৷

উল্লেখ্য যে এই আঁচনিখনে জিলাখনৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তর্গত পূবথৰিয়া, চতিয়াল আৰু বৰভগীয়া মৌজাৰ কৃষকৰ কৃষিভূমি সামৰি লৈছিল৷ মৌজাকেইটাৰ ১১,৭০১ হেক্টৰ কৃষিভূমি আৰু ৮,৫৮৩ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাবে ৯২,৮৯৬ কিলোমিটাৰ নলা নির্মাণ কৰা হয়৷ এই নলা নির্মাণৰ ফলত কেইবাহাজাৰ কৃষকৰ আবাদী কৃষিভূমি অধিগ্রহণ কৰা হৈছিল৷ তাৰ পিছতো কোটি কোটি টকা ব্যয় কৰি স্থাপন কৰা এছিয়া মহাদেশৰ ভিতৰতে দ্বিতীয় সর্ববৃহৎ জলসিঞ্চন আঁচনিখনে আজিলৈকে কৃষকৰ চাহিদা অনুসৰি কৃষিভূমিত পানী যোগান ধৰিব নোৱাৰিলে৷ অথচ এই আঁচনিখনৰ নলাকে ধৰি অন্যান্য ক্ষেত্রৰ মেৰামতি আৰু পুনৰ নির্মাণৰ নামত বছৰি কোটি টকা ব্যয় কৰি অহা হৈছে৷

অৱশ্যে জলসিঞ্চন বিভাগৰ একাংশ বিষয়া, কর্মচাৰী, ঠিকাদাৰ, ৰাজনৈতিক নেতা আদি লাভান্বিত হৈ আহিছে৷ সম্প্রতি ৬টা পাম্পৰ জৰিয়তে পানী উত্তোলন কৰিব পৰা ব্যৱস্থা আছে যদিও আঁচনিখন এতিয়া চূড়ান্ত প্রহসনত পৰিণত হৈছে৷ যাৰ বাবে কৃষকে বৰষুণৰ পানীলৈ অপেক্ষা কৰি থাকিবলগীয়া হয়৷ প্রণিধানযোগ্য যে আৰম্ভণিতে জাহাজসদৃশ দুখন ব্রাজ স্থাপন কৰি নলাৰ জৰিয়তে কৃষিভূমিলৈ পানী বোৱাই অনাৰ পৰিকল্পনা কৰা হৈছিল৷ তদুপৰি কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ জৰিয়তে শ্লুইচ গেটৰ সহায়েৰে কলঙৰে পানী বোৱাই আনি কলংপাৰৰ কৃষক ৰাইজৰ খেতিপথাৰ জীপাল কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছিল৷ এই আঁচনিখনৰ জৰিয়তে মথাউৰিৰ সহায়ত পানী বোৱাই নিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছিল৷ কিন্তু মথাউৰি নির্মাণৰ দায়িত্ব পোৱা জলসিঞ্চন বিভাগৰ চি এ ডি বিভাগে অপৰিকল্পিতভাৱে আৰু যেনিতেনি মথাউৰি নির্মাণ কৰা বাবে আঁচনিখন ফলপ্রসূ নহ’ল৷

ইপিনে, ২০১৭ চনৰ ১২ আগষ্টত হাতীমূৰাৰ বান্ধ ভাঙি সৃষ্টি হোৱা ভয়ংকৰ বানপানীত আঁচনিৰ মথাউৰিসমূহ ভাঙি–ছিঙি যায়৷ আজি চাৰি বছৰে মথাউৰি ভগা অংশ মেৰামতি কৰাৰো কোনো ব্যৱস্থা গ্রহণ নকৰিলে জলসিঞ্চন বিভাগে৷ এতিয়া শালিধানৰ খেতি কৰাৰ বতৰ৷ বৰষুণৰ পানীলৈ অপেক্ষা কৰিব লগা হোৱাৰ সময়ত এই আঁচনিখনে কৃষকক যে সকাহ দিব নোৱাৰে সেয়া আকৌ এবাৰ নিশ্চিত হৈছে৷ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱা এই আঁচনিখনৰ জৰিয়তে কেইবাশ বিষয়া–কর্মচাৰী, ঠিকাদাৰ, ৰাজনৈতিক নেতা লাভান্বিত হ’ল যদিও কৃষক ৰাইজে একো সুফল নাপালে৷ বৰভগীয়া, চতিয়াল আৰু পূবথৰিয়া মৌজাৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ আঁচনিখন কার্যকৰী হৈ নুঠিল৷

সম্প্রতি ব্রহ্মপুত্রই গতি সলনি কৰাত ব্রাজ দুখনৰ প্রতিও ভাবুকিৰ সৃষ্টি হৈছে৷ অৱশ্যে জলসিঞ্চন বিভাগে বালিচৰত নলা কাটি ব্রাজ দুখন থকা ঠাইলৈ পানী বোৱাই অনাৰ ব্যৱস্থা গ্রহণ কৰা দেখা গৈছে৷ এইক্ষেত্রত জলসিঞ্চন বিভাগ কিমান সফল হয়, সেয়া সময়েহে ক’ব৷ উল্লেখ্য যে বছৰৰ পিছত বছৰ ধৰি নলাইদি পানী নহাৰ ফলত এই নলাসমূহৰ একাংশ হাবি–জংঘলেৰে ভৰি পৰাৰ লগতে একাংশই খেতি–বাতি কৰাও পৰিলক্ষিত হৈছে৷ ক্রমশঃ ধ্বংসৰ গৰাহলৈ গতি কৰা এই জলসিঞ্চন আঁচনিখনক কৃষকৰ চাহিদা পূৰণ কৰিব পৰাকৈ কার্যক্ষম কৰি তুলিবলৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনক কৃষক ৰাইজে দাবী জনাইছে৷

You might also like