নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : শেহতীয়াকৈ ডিগবৈ আৰক্ষী অবৈধ মদ, অনৈতিক আৰু সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে। আজি ডিগবৈ আৰক্ষী থানাৰ অ’চি দিব্যজ্যোতি দত্তৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ডিগবৈ পাৱৈত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা অভিযান কালত পাৱৈ নিবাসী শ্যাম শ্বাহ নামৰ ব্যৱসায়ীজনৰ গুদামৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। শ্যাম শ্বাহে দীৰ্ঘদিন ধৰি অবৈধভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। জব্দকৃত বিলাতী সুৰাখিনিৰ মূল্য বহু হাজাৰ টকা হ’ব বুলি আৰক্ষী সূত্ৰত।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই