✅গৃহ সম্পূৰ্ণ নকৰা হিতাধিকাৰীক সকীয়নি
✅দহ দিনত সম্পূৰ্ণ নকৰিলে হব ৰঙাঘৰৰ আলহী
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ সম্প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আঁচনিৰ ক্ষেত্ৰত অসমৰ ভিতৰত বৰপেটা জিলাখনে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। যদিও বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ১০খন পঞ্চায়ত সন্নিবিষ্ট পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত একাংশ পঞ্চায়তৰ একাংশ দৰিদ্ৰ হিতাধিকাৰীয়ে চৰকাৰী নীতি-নিয়ম অনুসৰি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰি ১১৪ দিনৰ ভিতৰত গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগে যদিও বছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ কৰা নাই। সেয়ে এনে অৱহেলিত হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ হেচাত সৰৱ হৈ পৰিছে পাকাবেতবাৰী উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে। আৰু এনে হিতাধিকাৰীক বাছনি কৰি আৰক্ষী প্ৰশাসনৰ সৈতে ঘৰে-ঘৰে গৈ সকিয়নী অভিযান চলোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে পৰহি চৰকাৰ তথা পাকাবেতবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ছফিকুল ইছলামৰ নিৰ্দেশ অনুসৰি পাকাবেতবাৰী উন্নয়ন খণ্ডৰ বি পি এম ছফিকুল ইছলাম,পঞ্চায়ত সচিব অনিল নাথ,জি পি চি মুস্তাফা কামাল,কৰ সংগ্ৰাহক দেলোৱাৰ ৰহমানৰ লগতে কয়াকুছি আৰক্ষীৰ এটা দলে ক্ৰমে অটা, ভৌকামাৰী, ফুলগুৰি, টাপা আদি কেইবাটাও গাঁৱৰ চৰকাৰী ঘৰ লাভ কৰা হিতাধীকাৰীৰ ঘৰে ঘৰে গৈ প্ৰাথমিক পৰ্যায়ৰ জাননী প্ৰদান কৰাৰ লগতে দহ দিনৰ ভিতৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ কাম সম্পূৰ্ণ কৰিবলৈ সকিয়নী দিয়ে। অন্যথা চৰকাৰে বিহিত ব্যৱস্থা ল’ব বুলি জনাই দিয়ে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী গৃহৰ দুটা বা তিনিটাকৈ কিস্তিৰ ধন পোৱা হিতাধিকাৰীয়ে যদি ঘৰৰ কাম অহা দহ দিনৰ ভিতৰত ঘৰৰ কাম সম্পূৰ্ণ নকৰে তেন্তে চৰকাৰে আবন্টন দিয়া কিস্তিৰ ধন উপযুক্ত সূতসহ ওভতাই দিয়াৰ লগতে ৰঙা ঘৰৰ আলহী হব লাগিব বুলিও সকিয়াই দিয়ে। সেয়ে কোনোবাই যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ লাভ কৰিছে তেতিয়া হ’লে অতি শীঘ্ৰে ঘৰৰ কাম সম্পূৰ্ণ কৰক। কাৰণ চৰকাৰ প্ৰশাসনৰ লোকে প্ৰত্যেক পঞ্চায়তে পঞ্চায়তে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰিছে। পিছে অযথা যাতে কোনোবা দৰিদ্ৰ হিতাধিকাৰীয়ে জেলৰ ভাত খাব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি সময় থাকোতে পাকাবেতবাৰী উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীয়ে বিনম্ৰভাৱে অনুৰোধ জনাইছে।
প্ৰেৰক আফতাব হুছেইন