নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ চাকৰিৰ নামত ৰাজ্যজুৰি প্রলোভনৰ জাল; লখিমপুৰ–তেজপুৰত যুৱতীসহ চাৰিজন আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ চাকৰি দিয়াৰ প্রলোভন দি প্রার্থীৰ পৰা ধন দাবী কৰা টেলিফোনিক বার্তালাপৰ এটা অডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত চলাই প্রৱঞ্চক মনোজ তামুলীসহ চাৰিজন লোকক গ্রেপ্তাৰ কৰে৷ উক্ত অডিঅ’ ক্লিপটোত আৰক্ষীৰ চাকৰিৰ বাবদ প্রার্থীৰ পৰা ধন বিচৰা মূল অভিযুক্ত লখিমপুৰৰ পানীগাঁও থানাৰ অন্তর্গত ৰাজখোৱা গাঁৱৰ মনোজ তামুলীক আৰক্ষীয়ে শনিবাৰে নিশা গ্রেপ্তাৰ কৰে৷

প্রৱঞ্চক মনোজ তামুলীক লখিমপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জেৰা কৰাৰ পিছতে আন কেতবোৰ তথ্য লাভ কৰে৷ ধৃত মনোজৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি লখিমপুৰৰে আজাদ ৰাজখোৱা গাঁৱৰ পৰা জি বি শইকীয়া নামৰ এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰে৷

আৰক্ষী সূত্রই জনোৱা মতে, জি বি শইকীয়া হ’ল মনোজ তামুলীৰ প্রেমিকা৷ প্রেমিকা জি বি শইকীয়াৰ সহযোগত প্রৱঞ্চক মনোজ তামুলীয়ে ৰাজ্যজুৰি পেলাইছিল প্রৱঞ্চনাৰ জাল৷ জি বি শইকীয়াৰ ঘৰতে চাকৰিৰ নামত প্রৱঞ্চনাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছিল মনোজ তামুলীয়ে৷ ইফালে মনোজ তামুলী আৰু জি বি তামুলীৰ স্বীকাৰোক্তিৰ ভিত্তিত উক্ত ঘটনাত জড়িত তেজপুৰ ৰঙাপুখুৰী পাৰৰ পৰা আৰক্ষীয়ে অমৃত শর্মা আৰু অখিল শর্মা নামৰ দুজন প্রৱঞ্চকক গ্রেপ্তাৰ কৰে৷ তেওঁলোক সম্বন্ধত ভাই–ককাই৷

ইফালে অকল আৰক্ষীৰ উপ–পৰিদর্শক পদত চাকৰি দিয়াৰ নামতেই নহয় সেনাবাহিনীত চাকৰি দিয়াৰ নামতো প্রৱঞ্চক মনোজে প্রলোভন দি বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰি পৰৱর্তী সময়ত চাকৰি প্রার্থীক প্রৱঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এই সংক্রান্তত তিনিচুকীয়াত মনোজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷

উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ চাকৰি দিয়াৰ বাবদ ধৃত মনোজে এজন প্রার্থীৰ পৰা ৪ লাখ টকা বিচাৰে আৰু কামটো আগবঢ়াই নিয়াৰ বাবদ আগধন হিচাপে ২০ হাজাৰ টকা বিচাৰে৷ এই ধন বিচাৰি মনোজ তামুলীয়ে প্রার্থীজনৰ স’তে টেলিফোনিক বার্তালাপ কৰা অডিঅ’ ক্লিপটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ এই কথা জানিব পাৰি অসম আৰক্ষীৰ নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে তদন্তৰ নির্দেশ দিয়ে৷

উল্লেখ্য যে অসম আৰক্ষীত ৪১টা উপ–পৰিদর্শক পদৰ পৰীক্ষা অহা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ এই পৰীক্ষাৰ বাবে কেইবাসহস্র প্রার্থীয়ে পৰীক্ষাৰ বাবে প্রস্তুতি চলাই আছে৷ ইয়াৰ মাজতে প্রৱঞ্চক চক্র সক্রিয় হৈ পৰাত আৰক্ষীৰ নিযুক্তি প্রক্রিয়া স্বচ্ছ আৰু নিকা হ’বনে বুলি প্রশ্ন উত্থাপন হৈছে৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰা প্রৱঞ্চক চক্রটোৰ নিযুক্তি ব’ৰ্ডৰ কোনো বিষয়াৰে যোগাযোগ আছিল নেকি বুলিও প্রশ্ন উঠিছে৷

You might also like