নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদত উপস্থিত থকাৰ সিদ্ধান্ত আব্দুল্লাৰ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ  নেচনেল কনফাৰেঞ্চ (এনচি)ৰ মুৰব্বী ফাৰুক আব্দুল্লাই সোমবাৰে সংসদত বর্ষাকালীন অধিৱেশনত অংশগ্রহণ কৰিব৷ জম্মু–কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰে বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ এবছৰতকৈ অধিক কালৰ পিছত সংসদৰ অধিৱেশনত অংশগ্রহণ কৰিব আব্দুল্লাই৷ দেওবাৰে সংবাদ মাধ্যমৰে হোৱা বার্তালাপত আব্দুল্লাই উল্লেখ কৰিছে যে চৰকাৰে সংসদত প্রশ্ণ কৰাৰ কোনোধৰণৰ ব্যৱস্থা ৰখা নাই যদিও অধিৱেশনত তেওঁ অংশগ্রহণ কৰিব৷ দৈনিক চাৰি ঘণ্টাকৈ প্রশ্ণোত্তৰকালবিহীন্ অধিৱেশনত বহি থাকিব বুলিও আব্দুল্লাই উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে জম্মু–কাশ্মীৰৰ ৰাজনীতিকসকলক অবৈধভাৱে বন্দী কৰা বিষয়টো সংসদত আব্দুল্লাই উত্থাপন কৰিব পাৰে বুলি বিভিন্ন দলে ধাৰণা কৰিছে৷ স্মর্তব্য যে যোৱা বছৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ সময়ত কেইবাগৰাকীও বিৰোধী নেতাই সংসদত আব্দুল্লাক উপস্থিত হোৱাৰ অনুমতি দিব লাগে বুলি দাবী জনাইছিল৷ কিন্তু আব্দুল্লাকো বন্দী কৰি ৰাখিছিল চৰকাৰে৷

You might also like