নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতিনিশা ননৈত দুর্ঘটনাগ্রস্ত মেঘালয়ৰ শক্তিমন্ত্রীৰ কনভয়; জেমচ্ চাংমাৰ নিৰাপত্তাৰ দায়িত্বত থকা চাৰি আৰক্ষী আহত

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ দেওবাৰে পুৱতিনিশা প্রায় ৪.৩০ বজাত নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ অন্তর্গত ননৈ পেট্ৰ’ল পাম্পৰ ওচৰত চাৰিলেনযুক্ত ৩৬নং ৰাষ্ট্রীয় ঘাইপথত মেঘালয়ৰ শক্তিমন্ত্রীৰ কনভয় দুর্ঘটনাগ্রস্ত হয়৷

নগাঁৱৰ আৰক্ষী সূত্রই জনোৱা মতে, মণিপুৰৰ পৰা ডিমাপুৰ হৈ শ্বিলঙলৈ আহি থকা অৱস্থাত মেঘালয়ৰ শক্তিমন্ত্রী জেমচ্ চাংমাৰ কনভয় ননৈত দুর্ঘটনাৰ সন্মুখীন হয়৷ মন্ত্রীগৰাকীৰ কনভয়ত অহা এম এল–০২–৫৫২২ নম্বৰৰ গাডীখনে ননৈ পেট্ৰ’ল পাম্পৰ ওচৰত ৰৈ থকা এ এছ–০১ এম চি–২১৮৮ নম্বৰৰ ট্ৰাক কখনত খুন্দা মাৰে৷ এই দুর্ঘটনাত কনভয়টোত থকা উল্লেখিত গাডীখনৰ লগতে মন্ত্রীগৰাকীৰ গাডীখন ক্ষতিগ্রস্ত হয়৷ দুর্ঘটনাটোত মেঘালয়ৰ শক্তিমন্ত্রীগৰাকী কথমপি ৰক্ষা পৰে যদিও কনভয়টোত থকা ৪জন আৰক্ষী জোৱান আহত হয়৷

আহত আৰক্ষীকেইজন হ’ল উপ–পৰিদর্শক দুর্গা বাহাদুৰ থাপা (৫৭), জোৱান ৰিক্রাং চাংমা (৪০), ৰিছুক বাং (৩৮) আৰু জেইলা সিং চাংমা (৩৪) বছৰ৷ আহতসকলক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ আনি ননৈ আৰক্ষীয়ে চিকিৎসাৰ ব্যৱস্থা কৰে৷ ইয়াৰে ৰিছুক বাঙৰ আঘাত গুৰুতৰ৷

আৰক্ষী সূত্রই জনোৱা মতে গোটেই নিশা গাডী চলোৱাৰ ফলত কনভয়ৰ প্রথম গাডীখনৰ চালকৰ টোপনি অহা বাবেই এই দুর্ঘটনা সংঘটিত হয়৷ শ্বিলঙৰ পৰা অহা দুখন এম্বুলেঞ্চৰ জৰিয়তে মেঘালয়ৰ আৰক্ষীয়ে আহতসকলক শ্বিলঙলৈ লৈ যায়৷ দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে মন্ত্রীগৰাকী আন এখন গাডীৰে শ্বিলঙলৈ যায়৷

You might also like