নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত পিষ্টলধাৰী দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলী

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : আকৌ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ এনকাউন্টাৰৰ স্থান বিলাসীপাৰা মহকুমাৰ শালকোচাৰ বেতবাৰী। নিশা লুকুৱাই ৰখা পিষ্টল উদ্ধাৰ কৰিবলৈ গৈ আৰক্ষীৰ এনকাউন্টাৰৰ সন্মুখীন হয় দুধৰ্ষ অপৰাধী ছফিকুল ইছলাম। গুলিবিদ্ধ ছফিকুল সম্প্ৰতি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীনহৈ আছে। উল্লেখ্য যে, ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে যোৱা কালি  এক গোপন সূত্ৰৰ প’ম খেদি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ড০ স্মৃতিৰেখা ফুকনৰ নেতৃত্বত এদল আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাইছিল। এনেতে  এ, এচ, ১৬/ডি, ৯৩৫৯ নম্বৰৰ পালচাৰ  মটৰচাইকেলৰে বিলাসীপাৰাৰ বেলতলীৰ  পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত দুজন যুৱকক লগ পায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে মটৰচাইকেলখন ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও যুৱকদ্বয়ে পলাবলৈ লয়। আৰক্ষীৰ দলটোৱে যুৱকদ্বয়ক খেদি খেদি ৰাষ্ট্ৰীয় পথছোৱাৰ নাথপাৰাত আটক কৰে। পিছত আৰক্ষীৰ দলটোৱে যুৱক দুজনৰ পৰা তিনি জাই সজীৱ গুলি, এটা খালী মেগজিন  আৰু এটা ৭’৬৫ পিষ্টল আৰু মটৰচাইকেলখন জব্দ কৰিবলৈ সক্ষম হয়। পিস্তল ধাৰী দুৰ্বৃত্তক দুজন ক্ৰমে ছফিকুল ইছলাম আৰু মতিউৰ ৰহমান বুলি আৰক্ষীয়ে চিনাক্ত কৰে। ধৃত ছফিকুল ইছলামৰ ঘৰ বিলাসীপাৰাৰ হাকামাত আৰু মতিউৰ ৰহমানৰ ঘৰ চিৰাকুটা ২য় খণ্ড গাঁৱত ।দুৰ্বৃত্ত দুজনক অধিক তথ্যৰ বাবে বিলাসীপাৰা  আৰক্ষীয়ে জেৰা কৰিবলৈ লয়। জেৰা  কৰা সময়ত আৰক্ষীয়ে চিৰাকুটাৰ বেতবাৰীত অস্ত্ৰ লুকুৱাই ৰখা বুলি জানিব পাৰে। সেইমতে লুকুৱাই ৰখা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ আৰক্ষীৰ এটা দলে ছফিকুলকলৈ নিশা বেতবাৰীত উপস্থিত হয়। ছফিকুলে অস্ত্ৰ লুকুৱাই ৰখা স্থান দেখুৱাৰ ছলৰে  পলাবলৈ ধৰে। আৰক্ষীয়ে একাধিকবাৰ ৰবলৈ দিয়া  নিৰ্দেশকো আওকান কৰি দৌৰিবলৈ লয়। উপায়ন্তৰহৈ আৰক্ষীয়ে ছফিকুলক লক্ষ্য কৰি তিনি জাই গুলি নিক্ষেপ কৰে। আৰক্ষীৰ গুলি দুৰ্বৃত্তজনৰ ভৰিত লগাত ঢলি  পৰে। পিছত আৰক্ষীৰ দলে গুলিবিদ্ধ ছফিকুলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱায়। সম্প্ৰতি সুস্থ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বিলাসীপাৰাত বিগত দিনত অস্ত্ৰধাৰী লোকে তাণ্ডৱ চলোৱাৰ দৰে এজন যুৱ ব্যৱসায়ী আৰু এহাল দম্পতিক শোৱাপাটীতে হত্যাৰ দৰে সংঘটিত সংঘটিত হৈছে। এনে সময়ত দুজনকৈ যুৱকক মৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰাত সৰ্বসাধাৰণ ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like