নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত ছাৰ্ভিচ ৰিভলভাৰৰ গুলী লাগি আহত আৰক্ষী

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : কালি নিশা তিনিচুকীয়াত সংঘটিত হয় এক অঘটন। নিজৰ ছাৰ্ভিচ ৰিভলভাৰ গুলী লাগি আহত হয় এগৰাকী আৰক্ষী জোৱান। জানিব পৰা অনুসৰি বসন্ত গগৈ (৩৫) নামৰ এই আৰক্ষী জোৱানজন তিনিচুকীয়া আৰক্ষী উপ-অধীক্ষক (DSP) বিনন্দ বসুমতাৰীৰ ব্যক্তিগত দেহৰক্ষী। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ঘটনা সংঘটিত হোৱা নিশা আৰক্ষী জোৱান বসন্ত গগৈয়ে জিলা উপ-অধীক্ষক বিনন্দ বসুমতাৰীক নিজৰ  বাসগৃহত এৰি পুনৰ আৰক্ষী ৰিজাৰ্ভলৈ উভতি আহিছিল। তেতিয়া তেওঁৰ বাহনখনৰ জোকাৰণিত অসাৱধানবশতঃ সক্ৰিয় হৈ থকা ছাৰ্ভিচ ৰিভলভাৰটো হেঁচা খাই গুলী ওলাই বসন্ত গগৈয়ে ভৰিত লাগে। ভৰিত গুলীটো লাগি এফালৰ পৰা আনফালে ওলাই গৈছিল। উন্নত চিকিৎসাৰ বাবে বসন্ত গগৈক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। বসন্ত গগৈৰ বাসগৃহ দেৰগাঁৱত।
প্ৰেৰক সুৰজ দাস
You might also like