নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিসূচনা জাৰিৰ পিছতেই BTR-ত আৰম্ভ ৰাজনৈতিক আক্ৰমণ–প্ৰত্যাক্ৰমণ

বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে লগেই ৰাজ্যত ৰাজনৈতিক তৎপৰতাৰ লগতে আক্ৰমণ–প্ৰত্যাক্ৰমণো তীব্ৰ হৈ উঠিছে। এই পৰিপ্ৰেক্ষিততে মন্তব্য আগবঢ়াইছে প্ৰমোদ বড়োৱে।

সংবাদ মাধ্যমৰ সৈতে কথা পাতি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে স্পষ্ট কৰি দিয়ে যে হাগ্ৰামা মহিলাৰী ইউপিপিএল বা বিজেপিৰ মুখপাত্র নহয়।

প্ৰমোদ বড়োৱে কয় যে ইউপিপিএলে এইবাৰ এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু এই স্থিতিত দলটো অটল হৈ আছে। তেওঁ লগতে জনায় যে দলৰ অধিকাংশ সমষ্টিৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে চূড়ান্ত কৰা হৈছে, মাথোঁ দুই-এটা সমষ্টিক লৈ আলোচনা চলি আছে। যিকোনো মুহূৰ্ততে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে।

প্ৰমোদ বড়োৰ মতে ইউপিপিএলৰ ওপৰত কোনো ধৰণৰ বাহ্যিক চাপ নাই আৰু দলটোৱে ১৫টা সমষ্টিৰ ১৫টাতেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে।

ইফালে চন্দন ব্ৰহ্মক লৈও মন্তব্য আগবঢ়ায় প্ৰমোদ বড়োৱে। তেওঁ কয় যে চন্দন ব্ৰহ্মই আগতে দললৈ আহিছিল আৰু তেওঁক যথাযোগ্য নেতাৰ মৰ্যাদা দিয়া হৈছিল, আনকি নিৰ্বাচনো খেলোৱা হৈছিল। “তেওঁ কিয় অসন্তুষ্ট হৈ গ’ল, সেই বিষয়ে আমি অৱগত নহয়,” বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।

ডিজিটেল ডেস্ক, ১৬ মাৰ্চ

You might also like