নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক উত্থানত শংকিতই চলাইছে অপপ্রচাৰ

মঙলদৈত সংবাদ মেলত অনুসূচিত জাতিৰ লোক বুলি দাবী পিংকুমণি দাসৰ

নিয়মীয়া বাৰ্তা ১২ জুনঃ ‘মই যদি অনুসূচিত জাতিৰ লোক নহয়, তেন্তে দৰং জিলা অনুসূচিত জাতি পৰিষদৰ সম্পাদক তথা কালি মোৰ বিৰুদ্ধে সংবাদ মেলত উচ্চ–বাচ্য কৰা গকুল বণিয়াই কিয় অনুসূচিত জাতিৰ প্রমাণ–পত্র জাৰি কৰিছিল৷ মোৰ হাতত সকলো তথ্য আছে, কিন্তু মই ফাদিল কৰা নাই৷ যিদিনা ফাদিল কৰিম, বহুতৰে ভৰিৰ তলৰ মাটি নোহোৱা হ’ব৷’– মাত্র ১২ ঘণ্টাৰ অন্তৰালত এইদৰেই বৃহস্পতিবাৰে মঙলদৈ প্রেছ ক্লাবত গৰজি উঠিল দৰং বিজেপিৰ এগৰাকী নেতা তথা বিগত নির্বাচনত মনোনয়ন দাখিল কৰা পিংকুমণি দাসে কালি একে স্থানতে অনুসূচিত জাতি ছাত্র সন্থা আৰু দৰং জিলা পৰিষদে দাসৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰাৰ পিছতে সমগ্র বিষয়টোক লৈ স্পষ্ট কৰিলে স্থিতি৷ সেই অনুসৰি পিংকু দাসৰ পিতৃ পিয়াৰী মোহন দাসৰ ভোটাৰ তালিকাত এবাৰ কৈৱর্ত হিচাপে প্রকাশ পাইছিল আৰু পিয়াৰী মোহনৰ পিতৃ ৰাধামোহন দাস কোনো ভোটাৰ তালিকাত অজ্ঞাত হিচাবেও আহিছে৷ কিন্তু ইয়াৰ বাবে তেওঁ দায়ী নহয়৷ আনকি ভূমিৰ ম্যাদী পট্টাত পিংকুমণি দাসৰ পিতৃ পিয়াৰী মোহন দাস আৰু পিয়াৰী মোহন দাসৰ পিতৃ ৰাধামোহন দাসৰ নাম স্পষ্টকৈ লিখা আছে৷ লিগেচী ডাটা নহয়, অনুসূচিত জাতি পৰিষদে লিংকেজ ডাটা চোৱাটো জৰুৰী হ’ব৷ পিংকুমণি দাসৰ ভগ্ণীয়েও অনুসূচিত জাতিৰ প্রমাণ–পত্রৰ যোগেদি চৰকাৰী চাকৰি কৰি অৱসৰ গ্রহণ কৰিছে৷ গতিকে তেওঁৰ যিমান পুৰুষ চালেও নিৰন্তৰ অনুসূচিত জাতিৰ প্রমাণ–পত্রই পাব বুলি দাবী কৰে৷ দাসে কয়– খাৰুপেটীয়াৰ জগদীশ নাথ আৰু তেওঁৰ পিতৃ পিয়াৰী মোহন দেৱনাথ অন্য এটা পৰিয়াল৷ জগদীশ নাথৰ পৰিয়াল তেওঁৰ পিতৃ বংশগত সম্পর্কীয় নহয়, বৰং পূর্বৰ ব্যৱসায়িক সম্পর্কৰেহে সম্পর্কিত৷ গতিকে এই লৈ বিভ্রান্তি সৃষ্টিৰে সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাহেবুলি দাসে দাবী কৰে৷ সংবাদ মেলত পিংকুমণি দাসে কয় যে বহুধা বিভক্ত অনুসূচিত জাতি ছাত্র সন্থা অসম অনুসূচিত জাতি পৰিষদৰ ভাতৃ সংগঠন নহয়৷ যুগল কিশোৰ বণিয়াই পিংকুমণি দাসৰ লিগেচী তথ্য আৰু বংশগত তথা পিতৃ পৰিচয় অজ্ঞাত বুলি কৰা অভিযোগ সম্পর্কত পিংকুমণি দাসে নথিপত্রসহ স্পষ্ট কৰি দিয়ে যে পিংকুমণি দাসৰ পিতৃ পিয়াৰী মোহন দাসৰ পিতা চন্দ্রমোহন দাস ১৯৫৫ চনৰ ম্যাদপট্টাত উল্লেখ আছে৷ দাসে আৰু কয় যে অভিযোগ কৰা মতে খাৰুপেটীয়াৰ জগদীশ নাথ, পিতৃ ৰাধা মোহন নাথ পিয়াৰী মোহন দাসৰ কোনো বংশৰ লোক নহয়৷ যদি পিংকুমণি দাস অনুসূচিত জাতিৰ লোক নহ’লহেঁতেন, তেন্তে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত মঙলদৈ বিধানসভা সমষ্টিত যোৱা ২০১৬ চনত হোৱা নির্বাচনত পিংকুমণি দাসৰ মনোনয়ন পত্র কেনেকৈ বৈধ ঘোষণা হ’ল৷ একেদৰে কালি অভিযোগ কৰাৰ দৰে পিংকুমণি দাসৰ কোনো বিলাতী সুৰাৰ দোকান নাই৷ পিংকুমণি দাসৰ মাটিত কোনো কেন্দ্রীয় বিদ্যালয় ভাৰাত নাই৷ আনহাতে পিংকুমণি দাস নাইবা দৰং জিলা অনুসূচিত জাতি পৰিষদৰ বিৰুদ্ধে যুগল কিশোৰ বণিয়াই গোচৰ ৰুজু কৰা বুলি প্রকাশ কৰিলেও আদালতত তেনে কোনো গোচৰ নাই বুলি স্পষ্ট কৰি দিয়ে পিংকুমণি দাসে৷ তাৎপর্যপূর্ণভাৱে সভাপতি লোকনাথ দাস আৰু সম্পাদক গকুল বৰুৱাৰ নেতৃত্বত দৰং জিলা অনুসূচিত জাতি পৰিষদ কার্যক্ষম হৈ থকা বুলি যুগল কিশোৰ বণিয়াই সংবাদ মেলত উল্লেখ কৰা সন্দর্ভত পিংকুমণি দাসে স্পষ্ট কৰি দিয়ে যে অনুসূচিত জাতি পৰিষদৰ কেন্দ্রীয় সমিতিৰ সভাপতি ভবেন্দ্র নাথ ভৰালীয়ে চিঠি নং এ এজে পি/মঙলদৈ/পি টি –১/২০১১/৯১–৯৫ তাৰিখ ১০–০২–২০১১ মর্মে বানেশ্বৰ দাসক সভাপতি, লোকনাথ দাসক উপ–সভাপতি, বীৰেন্দ্র কুমাৰ দাসক সম্পাদক আৰু গকুল বৰুৱাক সহকাৰী সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰি দিয়ে যদিও পৰৱর্তী পর্যায়ত চিঠি নং এএজেপি/দৰং/পিটি–ৰ,২০১১/১০৫ তাৰিখ ০৪–০৮–২০ৰ৬ মর্মে বীৰেন্দ্র কুমাৰ দাসৰ ঠাইত গকুল বৰুৱাক ভাৰপ্রাপ্ত সম্পাদক হিচাপে নিযুক্তি দিয়ে৷ কিন্তু যোৱা ২০১৮ চনৰ ৯ জানুৱাৰীত কেন্দ্রীয় সভাপতি ভবেন্দ্র নাথ ভৰালীয়ে গকুল বৰুৱাৰ সমিতিখন ভংগ কৰি দি পিংকুমণি দাসক সভাপতি আৰু বীৰেন্দ্র কুমাৰ দাসক সম্পাদক হিচাপে লৈ ৩১জনীয়া দৰং জিলা সমিতিখন গঠন কৰে আৰু ১১–০৭–২০১৯ত এই সমিতিখন অন্তর্ৱর্তীকালীন নির্দেশনা নিদিয়া পর্যন্ত বাহাল থাকিব বুলি উল্লেখ কৰে৷ ইপিনে যোৱা ২৪–০৩–২০১৮ত গকুল বৰুৱাই ভাবুকি প্রদান কৰি কমাৰপাৰা গাঁওবুঢ়াৰ পৰা পিংকুমণি দাস অনুসূচিত জাতিৰ লোক নহয় বুলি লিখাই লয় যদিও গাঁওবুঢ়াই লগে লগেই মঙলদৈ থানাত এজাহাৰ দাখিল কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পিংকুমণি দাসে৷ পিংকুমণি দাসে সাংবাদিকৰ আগত দৃঢ়তাৰে কয় যে তেওঁক ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে৷ তেওঁৰ ৰাজনৈতিক উত্থানত একাংশ ৰাজনৈতিক নেতা শংকিত হৈ স্বয়ম্ভু নেতাৰ সহায়ত তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱাত উঠিপৰি লাগিছে বুলিও দাসে অভিযোগ কৰে৷ এনেধৰণৰ ষডযন্ত্র কৰা লোকৰ বিৰুদ্ধে দৰং জিলা অনুসূচিত জাতি পৰিষদে শীঘ্রে গোচৰ তৰিবলৈ সাজু হৈছে বুলি সাংবাদিকৰ আগত প্রকাশ কৰে পিংকুমণি দাসে৷ সংবাদ মেলত দৰং জিলা অনুসূচিত জাতি পৰিষদৰ সম্পাদকবীৰেন্দ্র কুমাৰ দাস, সহকাৰী সম্পাদিকা ৰেণু বৰা, জিলা কার্যনির্বাহক পূর্ণিমা দাসো উপস্থিত থাকে৷

You might also like