নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত নামভর্তিৰ বাবে প’র্টেল মুকলি

বিশেষ বাৰ্তা, ১৫ জুনঃ ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত্ নামভর্তিৰ বাবে উচ্চশিক্ষা বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিছে এটা বিশেষ প’র্টেল৷ কেন্দ্রীয় চৰকাৰৰ ‘সমর্থ–ই–গভ’ৰ ভিত্তিত উচ্চ শিক্ষা বিভাগে প্রস্তুত কৰা এই প’র্টেলটো শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰে৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ সমর্থ–ই–গভৰ অধীনতAssam State Higher Education Admission Portalৰ জৰিয়তে চলিত বর্ষত বিশ্ববিদ্যালয়–মহাবিদ্যালয়ত চলিব নামভর্তিৰ প্রক্রিয়া৷ সর্বশিক্ষা অভিযান মিছনৰ কার্যালয়ত আজি আনুষ্ঠানিকভাৱে এই প’র্টেলটো মুকলি কৰি শিক্ষমন্ত্রী ডাঃ পেগুৱে কয় যে চলিত শিক্ষা বর্ষৰ পৰাই ৰাজ্যখনৰ প্রতিখন উচ্চ শিক্ষা প্রতিষ্ঠানত ছাত্র–ছাত্রীসকলে এই প’র্টেলটোৰ দ্বাৰা নামভর্তি কৰিব পাৰিব৷ আজি নিশা ১০ বজাৰ পৰা কার্যকৰী হ’ব লগা প’র্টেলটোৰ জৰিয়তে শিক্ষার্থীয়ে নিজৰ পছন্দ অনুযায়ী ১০খন বিদ্যালয়ত নামভর্ভিত বাবে আবেদন কৰিব পাৰিব৷ এই প’র্টেলৰ জৰিয়তে এজন শিক্ষার্থীয়ে এখন মহাবিদ্যালয়ত নামভর্তি কৰিলে তেওঁ আবেদন কৰা বাকী ৯খন মহাবিদ্যালয়ৰ পৰা নাম কর্তন হ’ব৷ অৱশ্যে শিক্ষার্থীজনে যদি নির্দিষ্ট সময়ৰ ভিতৰত নামভর্তি কৰিব খোজা অথবা পছন্দ কৰা মহাবিদ্যালয়খনৰ পৰা আবেদন প্রত্যাহাৰ কৰে, তেন্তে তেওঁ আন বেলেগ এখন মহাবিদ্যালয়ত নামভর্তিৰ সুযোগ পাব৷ শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্রতিটো বর্ষত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহত ছাত্র–ছাত্রীৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ দৰাচলতে এজন শিক্ষার্থীয়ে কেইবাখনো মহাবিদ্যালয়ত নামভর্তি কৰাৰ ফলত একাংশ শিক্ষার্থী বঞ্চিত হ’ব লগা হয়৷ যিহেতু শিক্ষার্থীজনে নির্দিষ্ট এখন বিদ্যালয়তহে পৰৱর্তী সময়ত শিক্ষাগ্রহণ কৰে৷ তেনে ক্ষেত্রত আন মহাবিদ্যালয়ৰ আসন তেওঁ দখল কৰি ৰখাৰ ফলত এক সমস্যাৰ সৃষ্টি হয়৷ শিক্ষানুষ্ঠানসমূহত সৃষ্টি হোৱা এনেধৰণৰ সমস্যাই জটিলতাৰ সৃষ্টি কৰাই নহয়, সেই মহাবিদ্যালয়ৰ আসনসমূহো পিছলৈ ৰৈ যায়৷ কিন্তু এই প’র্টেলৰ দ্বাৰা এতিয়াৰে পৰা ছাত্র–ছাত্রীসকলে এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহ’ব৷ প’র্টেলটোৰ জৰিয়তে এতিয়াৰে পৰা বিশ্ববিদ্যালয়–মহাবিদ্যালয় উচ্চ শিক্ষা বিভাগে ছাত্র–ছাত্রীৰ বাবে এটা উমৈহতীয়া ডাটাবেছ লাভ কৰিব, যাৰ দ্বাৰা ভৱিষ্যতৰ দিনত শিক্ষাৰ মান নিৰূপণ আৰু পৰিকল্পনা কৰাত সহায় হ’ব৷ তেওঁ ইয়াকো কয় যে এইক্ষেত্রত শিক্ষার্থীসকলে কোনো সমস্যাৰ সন্মুখীন হ’লে ই–মেইল আৰু হেল্পলাইন নম্বৰৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব৷ অচিৰেই শিক্ষা বিভাগে এই হেল্পলাইন নম্বৰ মুকলি কৰিব৷

You might also like