নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীৰ স্কুটী বুকিংঃ শিক্ষা সংসদে মুকলি কৰিলে প’র্টেল

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্রথম বিভাগত উত্তীর্ণ ছাত্রীসকলক ৰাজ্য চৰকাৰে আগবঢ়াব স্কুটী৷ অহা ১৫ অক্টোবৰৰ পূর্বে ২২ হাজাৰ ছাত্রীক স্কুটীসমূহ প্রদান কৰা হ’ব বুলি ইতিমধ্যে ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মেলযোগে ঘোষণা কৰিছে৷ তাৰ পিছতে কালি ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে মুকলি কৰিছে এটা বিশেষ অনলাইন প’র্টেলhttp://sebaonline.org/choiceofscooty প’র্টেললৈ গৈ ছাত্রীসকলে নিজৰ পছন্দৰ স্কুটীখন বুকিং কৰিব পাৰিব৷

উল্লেখ্য যে প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ছাত্রীসকলক ইলেকট্র’নিক আৰু পেট্র’লচালিত এই দুইধৰণৰ স্কুটী প্রদান কৰিব৷ ইয়াৰ বাবে নির্দিষ্ট প’টেলত ছাত্রীসকলে পছন্দৰ স্কুটীখনৰ বাবে ১০ দিনৰ ভিতৰত আবেদন কৰিব লাগিব৷ ছাত্রীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নিজৰ ৰোল নম্বৰক ইউজাৰ আই ডি আৰু ৰেজিষ্ট্রেচন নম্বৰক পাছৱর্ড হিচাপে ব্যৱহাৰ কৰি প’র্টেল লগ ইন কৰিব লাগিব৷ তাৰ পিছত অভিভাৱকৰ নাম, শিক্ষানুষ্ঠানৰ নাম, পৰীক্ষাত লাভ কৰা নম্বৰ সন্নিৱিষ্ট কৰি পছন্দৰ স্কুটীখনৰ ক্ষেত্রত টিক মার্ক প্রদান কৰিব লাগিব৷

যোগাযোগৰ বাবে ম’বাইল নম্বৰ আৰু ই–মেইল আইডি দিয়াৰ পিছত আবেদনকাৰীয়ে এখন প্রাপ্তিৰ ৰচিদ লাভ কৰিব৷ পৰৱর্তী ১০ দিনৰ ভিতৰত আবেদন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পিছত স্কুটী ক্রয় প্রক্রিয়া আৰম্ভ হ’ব আৰু ১৫ অক্টোবৰৰ ভিতৰত ছাত্রীসকলে নিজৰ পছন্দৰ স্কুটীখন লাভ কৰিব৷

You might also like