নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰে খালী এনআৰএলৰ কাৰিকৰী সঞ্চালকৰ পদ

👉বাধাগ্ৰস্ত সম্প্ৰসাৰণ কাৰ্য
👉বৃহৎ ঋণৰ বোজা লৈ এক যুগসন্ধিত এনআৰএল
👉অগ্নিকাণ্ডৰ বাবে আনুমানিক লোকচান ৮০০ কোটি
নিয়মীয়া বাৰ্তা, ২০ জুন : নুমলীগড় শোধনাগাৰৰ সঞ্চালক (কাৰিকৰী)ৰ দৰে অতি গুৰুত্বপূৰ্ণ পদটো আজি আজি প্ৰায় এবছৰ ধৰি খালী হৈ থকাত শোধনাগাৰটোৰ স্বাভাৱিক গতি ক্ৰমাৎ বাধাগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ এনআৰএলৰ পৰিচালন সঞ্চালক, সঞ্চালক (বিত্ত) আৰু সঞ্চালক (কাৰিকৰী)ক লৈ গঠিত বৰ্ড অব্‌ ডাইৰেক্টৰ্ছৰ ভিতৰত সঞ্চালক (কাৰিকৰী)জনৰ অনুপস্থিতিত এতিয়া আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে শোধনাগাৰৰ সম্প্ৰসাৰণকাৰ্যৰ৷ শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে ২৮০২৬ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ সেই বাজেট ৩৫০০০ কোটি টকালৈ বৃদ্ধি পোৱাটো নিশ্চিত হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৬ জুনত শোধনাগাৰৰ সমীপৰে পোৰাবাংলাত অনুষ্ঠিত সভাতো সেই পৰিমাণ ৩৫০০০ কোটি বুলিয়েই উল্লেখ কৰিছিল৷ ৩০-০৯-২০২২ তাৰিখলৈকে শোধনাগাৰ সম্প্ৰসাৰণকাৰ্যৰ ২৩.৫ শতাংশ লক্ষ্য লোৱা হৈছিল যদিও সেয়া ১৮.১ শতাংশতে সীমিত থাকিল বুলি তথ্যত প্ৰকাশ৷ কিন্তু সেই সময়লৈকে পুঁজিৰ ব্যয় হৈছিল ২২ শতাংশ৷ কাৰ্যক্ষেত্ৰত সম্প্ৰসাৰণৰ অগ্ৰগতি ইয়াতোকৈ কম৷ জানিব পৰামতে আজিৰ তাৰিখতো শোধনাগাৰৰ সম্প্ৰসাৰণৰ ২০ শতাংশ কামো সমাপ্ত হোৱা নাই৷ বৃহৎ ঋণ লৈ উদ্যোগটোৰ শোধনক্ষমতা বাৰ্ষিক ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধিৰ যি পৰিকল্পনা কৰা হৈছে, সময়মতে সেই কাৰ্য সমাপন কৰিব নোৱাৰিলে এনআৰএল বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব বুলিও জানিব পৰা গৈছে৷ কাৰণ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় পুঁজিৰ প্ৰায় ৯০ শতাংশ ধনেই এনআৰএলে লাভ কৰিছে ঋণ হিচাপেহে৷ সেয়ে সূতসহ ঋণ পৰিশোধ কৰিবলগা পৰিস্থিতিত এনআৰএল তেতিয়া বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷ সম্প্ৰসাৰণকাৰ্য সময়ত সমাপ্ত কৰিব নোৱাৰাত বাজেট বৃদ্ধিৰ বাবে বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ অপচয় হ’ব৷ সুপৰিকল্পনাৰে এই অপচয় নিশ্চয়কৈ ৰোধ কৰিব পৰা গ’লহেঁতেন৷ এই সমগ্ৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণ হৈ উঠে শোধনাগাৰৰ সঞ্চালক (কাৰিকৰী)জনৰ ভূমিকা৷ নুমলীগড় শোধনাগাৰৰ পৰিচালনাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি, শোধনাগাৰ প্ৰকল্পৰ সম্প্ৰসাৰণ, পৰিকল্পনা আদিৰ উপৰিও প্ৰকল্পৰ কাম সময়মতে সম্পন্ন কৰাৰ ক্ষেত্ৰত দায়বদ্ধ সঞ্চালক (কাৰিকৰী) পদটো আজিকোপতি পূৰণ নোহোৱাত শোধনাগাৰৰ সম্প্ৰসাৰণত বহু বিলম্ব হোৱাটো নিশ্চিত হৈ পৰিছে৷ অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত স্থাপিত ৰাজহুৱা খণ্ডৰ নুমলীগড় শোধনাগাৰ এতিয়া ইয়াৰ ইতিহাসৰ আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ সময়ত উপনীত হৈছেহি৷ শোধনাগাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগটোৰ স্থায়ী মুৰব্বীজন নথকাৰ এই সময়ছোৱাতে যোৱা ২৯ মে’ৰ সন্ধিয়া শোধনাগাৰৰ হাইড্ৰ’ক্ৰেকাৰ ইউনিটত এক বিস্ফোৰণ হৈ ভিভি-৪ ভেছেলত জুই লাগিছিল৷ এই দুৰ্ঘটনাৰ মুঠ আৰ্থিক ক্ষয়ক্ষতিৰ সঠিক পৰিমাণ জানিব পৰা হোৱা নাই যদিও তাৰ ফলত কেৱল শোধনাগাৰৰ উৎপাদন বন্ধ ৰাখিবলগা হোৱাৰ বাবেই উদ্যোগটোৱে প্ৰায় ৮০০ কোটি টকাৰ বৃহৎ লোকচান ভৰিব৷ শোধনাগাৰৰ এনে সন্ধিক্ষণত এজন স্থায়ী সঞ্চালক (কাৰিকৰী)ৰ প্ৰয়োজনীয়তা আটাইতকৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে উক্ত পদত কাৰ্যনিৰ্বাহ কৰা ভাস্কৰজ্যোতি ফুকনে শোধনাগাৰৰ পৰিচালন সঞ্চালক হিচাপে পদোন্নতি পোৱাৰ পাছতে  সঞ্চালক (কাৰিকৰী) পদটো খালী হৈছিল৷ সেই পদ পূৰণৰ বাবে ভাৰত চৰকাৰে ১০-০৮-২০২২ তাৰিখে দিয়া বিজ্ঞানৰ দ্বাৰা উক্ত পদৰ বাবে ২৯-০৯-২০২২-ক আবেদনৰ অন্তিম তাৰিখ বান্ধি দিছিল৷ সেইমৰ্মে পাব্লিক এণ্টাৰপ্ৰাইজেজ ছিলেকশ্যন বৰ্ডে ২৭-১২-২০২২তাৰিখে অনুষ্ঠিত কৰা সাক্ষাৎকাৰত সৰ্বমুঠ দহজন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ তেওঁলোক আছিল গিৰীশ কুমাৰ বৰা, মুখ্য মহাপ্ৰবন্ধক, এনআৰএল, বিমলেশ কুমাৰ গুপ্তা, মুখ্য মহাপ্ৰবন্ধক, এনআৰএল, পল্লৱ কুমাৰ দাস, মুখ্য মহাপ্ৰবন্ধক, এনআৰএল, ঘনশ্যাম হাজৰিকা, মহাপ্ৰবন্ধক, এনআৰএল, হেমন্ত নেওগ, মহাপ্ৰৱন্ধক, এনআৰএল, মনজিৎ কুমাৰ বৰা, মহাপ্ৰবন্ধক, এনআৰএল, ওমপ্ৰকাশ ছেত্ৰী, মহাপ্ৰবন্ধক, ইণ্ডিয়ান অয়ল কৰ্পোৰেশ্বন লিঃ, আলাজাংগি গৌৰীশংকৰ ৰায়, মহাপ্ৰবন্ধক, হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পোৰেশ্বন লিঃ, আৰ এচ প্ৰসাদ, মহাপ্ৰবন্ধক, ইঞ্জিনীয়াৰ্ছ ইণ্ডিয়া লিঃ আৰু জয়ন্ত পাটৰ, মহাপ্ৰবন্ধক, অএনজিচি লিঃ৷ সাক্ষাৎকাৰৰ শেষত পাব্লিক এণ্টাৰপ্ৰাইজেছ ছিলেকশ্যন বৰ্ডে (পিইএছবি) এনআৰএলৰ সঞ্চালক কাৰিকৰী হিচাপে বৰাৰ নামটো প্ৰস্তাৱ কৰি এপইণ্টমেণ্ট কমিটি অব্‌ কেবিনেটৰ (এচিচি) অনুমোদনৰ বাবে প্ৰেৰণ কৰে৷ এই এচিচিৰ অনুমোদনৰ পাছতে গিৰীশ কুমাৰ বৰাই সঞ্চালক কাৰিকৰী পদত আনুষ্ঠানিকভাবে অধিষ্ঠিত হ’লহেঁতেন৷ কিন্তু উক্ত পদৰ বাবে এজনৰ নিৰ্বাচনৰ প্ৰায় ছয় মাহ সময় উকলি যোৱাৰ পাছতো উক্ত পদত স্থায়ী নিযুক্তি নিদিয়াত কাৰ্যতঃ শোধনাগাৰৰ পৰিচালনাতে স্থবিৰতা আহি পৰিছে৷
প্ৰেৰক অৰ্ণৱ শইকীয়া
You might also like