নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলু–পিঁয়াজৰ মূল্যবৃদ্ধি ৰোধত ব্যর্থ যোগানমন্ত্রী

হোৰাহোৰে বাঢ়িছে নিত্য ব্যৱহার্য খাদ্যসামগ্রীৰ দাম, চেম্বাৰ অৱ কমার্চৰে বৈঠক চৌধুৰীৰ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  ৰাজ্যৰ দৰিদ্র আৰু মধ্যবিত্ত পৰিয়ালক মাধমাৰ শোধাই পুনৰ হোৰাহোৰে বাঢ়িছে আলু, পিঁয়াজ আৰু মিঠাতেলৰ দাম৷ যোৱা এসপ্তাহৰ ভিতৰতে ৰাজ্যত আলু আৰু পিঁয়াজৰ ঊর্ধ্বমুখী দামে সাধাৰণ ৰাইজক বিপাঙত পেলোৱাই নহয়, অঞ্চলভেদে বেলেগ বেলেগ দামক লৈও সৃষ্টি হৈছে সমস্যাৰ৷ উল্লেখ্য যে সংসদত অত্যাৱশ্যকীয় সামগ্রী (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ সময়তে ৰাজ্যত আলু, পিঁয়াজ আৰু মিঠাতেলৰ মূল্য ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি পাইছে৷ গুৱাহাটীৰ খুচুৰা বজাৰত প্রতিকিলো আলু (আগ্রা) ৪০–৪৫ টকাত বিক্রী হোৱাৰ বিপৰীতে প্রতিকিলো পিঁয়াজ বিক্রী হৈছে ৫০ টকাত৷ আনহাতে, প্রতিলিটাৰ মিঠাতেলৰ দাম ১৩৫–১৪০ টকালৈ বৃদ্ধি হৈছে৷ অভাৱনীয়ভাৱে ঘটা এনে মূল্যবৃদ্ধিক লৈ যোগান বিভাগৰ বিৰুদ্ধে সাধাৰণ ৰাইজ সৰৱ হৈ উঠাৰ সময়তে আজি দিছপুৰত চেম্বার্ছ অৱ কমার্চৰ লগত যোগান মন্ত্রী ফণীভূষণ চৌধুৰী এক গুৰুত্বপূর্ণ বৈঠকত বহে৷ মুখ্যতঃ অত্যাৱশ্যকীয় সামগ্রীৰ হঠাৎ ঊর্ধ্বমুখী দামক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াৰ পৰিপ্রেক্ষিতত অনুষ্ঠিত এই বৈঠকত যোগান মন্ত্রীয়ে চেম্বার্ছ অৱ কমার্চক মূল্যবৃদ্ধি নিয়ন্ত্রণৰ বাবে ব্যৱস্থা গ্রহণৰ আহ্বান জনায়৷ এই সন্দর্ভত যোগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, যোৱা সময়ছোৱাত উৎসতে আলু, পিঁয়াজৰ দাম বৃদ্ধি হোৱা হেতুকে ৰাজ্যতো মূল্যবৃদ্ধি ঘটিছে৷ কিন্তু শেহতীয়াকৈ খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মূল্যৰ যথেষ্ট পার্থক্য পৰিলক্ষিত হৈছে৷ প্রতিকিলো আলু বা পিঁয়াজৰ পাইকাৰী বজাৰৰ মূল্যতকৈ খুচুৰা বজাৰত পার্থক্য ৬ টকাৰ অধিক হ’ব নোৱাৰে৷ কিন্তু একাংশ ব্যৱসায়ীয়ে খুচুৰা বজাৰত ১০ টকা হাৰত আলু, পিঁয়াজ বিক্রী কৰি আছে৷ এই বিষয়টো চেম্বার্ছ অৱ কমার্চৰ লগত আলোচনা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য এই ধৰণে বৃদ্ধি নকৰিবলৈ সতর্ক কৰি দিয়া হৈছে৷ মূল্যবৃদ্ধিক লৈ কাইলৈ আন এক বৈঠকত যোগান মন্ত্রী মিলিত হ’ব বুলি আজি জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া যে ফাঁচীবজাৰৰ পাইকাৰী বজাৰত প্রতিকুইণ্টল আলু (আগ্রা) ৩,৫০০ টকাত বিক্রী হৈ থকাৰ বিপৰীতে খুচুৰা বজাৰত এই আলু প্রতিকিলোত ৪৫ টকাকৈ বিক্রী কৰিছে দোকানীয়ে৷ একেদৰে পাইকাৰী বজাৰত প্রতিকুইণ্টল পিঁয়াজ ৩,৮০০ টকাকৈ বিক্রী হৈ থকাৰ বিপৰীতে খুচুৰা বজাৰত প্রতিকিলো পিঁয়াজৰ মূল্য ৫০ টকালৈ বৃদ্ধি পাইছে৷ চলিত মাহৰ আৰম্ভণিতে প্রতিকিলো আলু ৩০ টকা আৰু প্রতিকিলো পিঁয়াজ ২৫ টকাকৈ বিক্রী হৈ আছিল৷ কিন্তু যোৱা ১৫ দিনৰ ভিতৰতে আলুৰ মূল্য ১৫ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে পিঁয়াজৰ মূল্য প্রায় ২৫ টকালৈ বৃদ্ধি হৈছে৷ একমাত্র আলু, পিঁয়াজেই নহয়, শেহতীয়াকৈ অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটিছে মিঠাতেলৰ৷ খুচুৰা বজাৰত প্রতিলিটাৰ মিঠাতেলৰ পেকেটৰ দাম ১৪০ টকাৰ পৰা ১৪৫ টকালৈ বৃদ্ধি পাইছে৷ এই মূল্য অহা সময়ছোৱাত অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতেই ১২০ টকাত বিক্রী হোৱা মিঠাতেল এতিয়া খুচুৰা বজাৰত অনিয়ন্ত্রিতভাৱে মূল্যবৃদ্ধি হোৱাক লৈও আজি দিছপুৰত অনুষ্ঠিত বৈঠকত আলোচনা কৰা হয়৷ একাংশ ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ মিঠাতেলৰ দাম বৃদ্ধি কৰাৰ অভিযোগো আজি যোগান মন্ত্রীয়ে চেম্বার্ছ অৱ কমার্চৰ ওচৰত দাঙি ধৰে৷ আলু, পিঁয়াজ আৰু মিঠাতেলৰ এনে ঊর্ধ্বগামী মূল্যই সাধাৰণ ৰাইজক সমস্যাত পেলোৱাই নহয়, গুৱাহাটীৰ বাহিৰৰ কেইবাখনো জিলাত কালিৰে পৰা আলু আৰু পিঁয়াজৰ নাটনি দেখুৱাই ব্যৱসায়ীয়ে মূল্যবৃদ্ধি ঘটোৱাৰো অভিযোগ উত্থাপন হৈছে৷ ডিব্রুগড়, যোৰহাট, তেজপুৰ, ধুবুৰী, লখিমপুৰ আদি জিলাত আজিৰ তাৰিখত প্রতিকিলো আলু–পিঁয়াজ ৫০ টকাকৈ বিক্রী কৰাৰো অভিযোগ উত্থাপন হৈছে৷

You might also like