নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ সহশিক্ষা প্রসংগ

অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নতিকল্পে অসম চৰকাৰে বিভিন্ন পর্যায়ৰ ভালেকেইখন শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সিদ্ধান্ত নিঃসন্দেহে আশাব্যঞ্জক৷ এই শিক্ষানুষ্ঠানবোৰৰ মাজত মহিলাৰ বাবেও ভালেকেইখন মহাবিদ্যালয় খোলাৰ কথা আছে৷ অসম চৰকাৰে কেইবছৰমানৰ আগতে কেইখনমান ছোৱালী হাইস্কুল আন হাইস্কুলৰ লগত যুক্ত কৰি সহশিক্ষাৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰা সিদ্ধান্ত লৈছিল৷ পৰিৱর্তিত সময়ৰ লগত খাপ খোৱা সেইসিদ্ধান্ত আছিল সামাজিক পটভূমিত এটা যুগান্তকাৰী সিদ্ধান্ত৷ সমগ্র পৃথিৱীতে লিংগৰ ধাৰণাৰ প্রসাৰ আৰু প্রচাৰে নতুন মোৰ লৈছে আৰু এই ধাৰণাৰ প্রচাৰে মহিলা সবলীকৰণক এক নতুন উচ্চতালৈ লৈ গৈছে৷ লিংগ বৈষম্যৰ দৃষ্টিকোণেৰে চালে দেখা যায় যে চৰকাৰী প্রচেষ্টাত লিংগ বৈষম্য দূৰ কৰাৰ ক্ষেত্রত চৰকাৰে লোৱা এই বলিষ্ঠ সিদ্ধান্তক ৰাজহুৱাভাৱে যিমান প্রশংসা কৰা আৰু গুৰুত্ব দিয়া উচিত আছিল, সেইটো কৰা নহ’ল৷ এটা সময়ত মহিলাৰ বাবে বিশেষভাৱে প্রতিষ্ঠা কৰা শিক্ষানুষ্ঠানৰ প্রয়োজন আছিল আৰু তেনে শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা কার্যক সামাজিকভাৱে সন্মান দিয়া হৈছিল৷ একবিংশ শতিকাত সেই পৰিৱেশ নাই৷ এতিয়া নাৰী–পুৰুষ সকলোৰে সমান অধিকাৰৰ কথাই গুৰুত্ব পোৱা সময়ত সেই পৃথক শিক্ষা ব্যৱস্থাই কোনো গুৰুত্ব লাভ নকৰে৷ এতিয়া প্রাথমিক পর্যায়ত সহশিক্ষা চলে, হাইস্কুলীয়া আৰু কলেজীয়া পর্যায়ত অধিকাংশ সহশিক্ষাৰ অনুষ্ঠান আৰু বিশ্ববিদ্যালয় আৰু কাৰিকৰী আৰু বিশেষ শিক্ষা প্রতিষ্ঠানসমূহ সহশিক্ষাৰ অনুষ্ঠান৷ এই দৃষ্টিকোণৰ পৰা চালে দেখা যায় যে বিভিন্ন ধৰণে সহশিক্ষাৰ ব্যৱস্থাই অধিক৷ সহশিক্ষাৰ মূল কথাটোৱেই হ’ল সমাজৰ পৰা লিংগ বৈষম্যৰ অৱসান ঘটোৱা৷ প্রাইমেৰী স্তৰত সহশিক্ষা লাভ কৰাৰ পিছত কিছুসংখ্যক কিশোৰী কেৱল ছোৱালীৰ শিক্ষানুষ্ঠানলৈ গুচি যায় আৰু পিছত পুনৰ সহশিক্ষাৰ প্রতিষ্ঠানলৈ উভতি আহে৷ যিখিনি সময়ত কিশোৰী এগৰাকীৰ মনত বিপৰীত লিংগৰ ধাৰণা গঢ় লৈ উঠিব ধৰে, সেই সময়তে তেওঁ গৈ কেৱল নিজৰ লিংগৰ বিদ্যালয়ত পঢ়া আৰু তাৰ পিছত পুনৰ একেই পৰিৱেশলৈ উভতি অহা এই কার্যটোৰ সপক্ষে আৰু বিপক্ষে বিভিন্নজনৰ বিভিন্ন যুক্তি আছে৷ এই বিভিন্ন যুক্তিৰ মাজত সহশিক্ষাৰ সপক্ষে থকা সর্বাধিক আলোচিত যুক্তিটো হ’ল এই শিক্ষাই পৰস্পৰৰ মাজত সন্মান আৰু বান্ধোন অধিক মজবুত কৰি তোলে৷
বিশেষকৈ হাইস্কুল আৰু কলেজৰ সময়ছোৱাতেই ছাত্র–ছাত্রী মনৰ মাজত বিভিন্ন ধাৰণাই গঢ় লৈ উঠে, যিবোৰে তেওঁলোকৰ ভৱিষ্যৎ জীৱন গঢ়ি তোলাত সহায় কৰে৷ এই সময়ছোৱা যদি তেওঁলোকে একে ধৰণৰ শিক্ষা আৰু একেই পৰিৱেশৰ মাজেৰে অতিবাহিত কৰে, তেনেস্থলত ভৱিষ্যতে কোনেও শিক্ষাৰ ক্ষেত্রত বৈষম্যৰ কথা অনুভৱ কৰিব নোৱাৰিব৷ ল’ৰা আৰু ছোৱালীৰ শাৰীৰিক গঠন আৰু মানসিকতাৰ তাৰতম্য থকাৰ বাবে শিক্ষানুষ্ঠান লিংগভিত্তিক হোৱাৰ প্রয়োজনীয়তা আছে বুলিও যুক্তি দিয়া হয়৷ এই কথাটোৰো কিছু সত্যতা নথকা নহয়৷ কিন্তু ব্যৱহাৰিক ক্ষেত্রত শিক্ষাৰ প্রয়োগ কৰিবলৈ যাওঁতে বিশেষকৈ চাকৰি আদিৰ ক্ষেত্রত কাৰণ শিক্ষানুষ্ঠানৰ লিংগভিত্তিকৰ কথা কোনো ধৰণে বিবেচনা কৰা নহয়৷ শিক্ষাক কোনো যোগ্যতাৰ মাপকাঠী হিচাপে লোৱা কোনো ক্ষেত্রতেই শিক্ষানুষ্ঠানৰ লিংগভিত্তিক পার্থক্য বিচাৰ কৰা নহয়৷ শিক্ষাৰ মূল উদ্দেশ্যই হ’ল মানুহৰ মনত প্রগতিৰ ধাৰণাৰ বীজ ৰোপণ কৰা৷ একেখন চালিৰ তলতেই একে পৰিৱেশত একেধৰণৰ শিক্ষাৰে এই কামটো আগবঢ়াই নিয়াত সহজ হয়৷ ঠিক তেনেদৰে লিংগ বৈষম্যৰ প্রচলিত ধাৰণাবোৰক বাধা দিয়াতো এনে শিক্ষা সহায়ক হয়৷ সহশিক্ষাই দুই বিপৰীত লিংগৰ মাজৰ শক্তি আৰু দুর্বলতাৰ কথা অনুভৱৰ সুযোগ দি বুজাবুজিৰ ব্যৱধানো আঁতৰাই দিব পাৰে৷ বর্তমান যুগত দুয়োটা লিংগৰ মানুহেই সমান সংগ্রাম আৰু প্রতিযোগিতাৰ মাজেৰে আগবাঢ়িব লাগে৷ এই কথাটো মনত ৰাখি অকল সহশিক্ষাই নহয়, পাঠ্যপুথিৰ ক্ষেত্রতো পৰিৱর্তন অনাৰ সময় আহি পৰিছে৷ অকল একেলগে পঢ়িলেই নহয়, লিংগ বৈষম্যৰ কথা দুয়ো লিংগৰ শিক্ষার্থীয়ে সমানে উপলব্ধি কৰিব পৰাকৈ পাঠ্যপুথিতো নতুন নতুন কথাৰ সংযোজন ঘটোৱাৰ সময় উপস্থিত হৈছে৷ শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ সময়ত এইবোৰ দিশৰ পিনেও গভীৰভাৱে মনোযোগ দিয়াৰ প্রয়োজন আছে৷

You might also like