পিপিই কিট পিন্ধি ক’ৰোনা আক্রান্তৰ মৃতদেহ সৎকাৰ কৰিলে এছপিয়ে
বকলীয়াঘাটত মৃত্যু হোৱা ক’ভিড পজিটিভৰ দেহ সৎকাৰত বাধা দিছিল স্থানীয় ৰাইজে
নিয়মীয়া বাৰ্তা ১০ জুনঃ সমগ্র দেশৰ লগতে ৰাজ্যতো ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিৱেশ অধিক জটিলতাৰ দিশলৈ গতি কৰিছে৷ এনে পৰিস্থিতিৰ মাজতো ক’ৰোনা প্রতিৰোধৰ যুঁজত আগশাৰীৰ যোদ্ধা হিচাপে শেহতীয়াকৈ এগৰাকী আৰক্ষী বিষয়াই দাঙি ধৰা মানৱীয় মূল্যবোধে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে যুদ্ধত বিগত সময়ছোৱাত দেশৰ ভিন্ন প্রান্তত স্বাস্থ্যকর্মী তথা চিকিৎসকসকলে বিশেষ নিদর্শন দাঙি ধৰিছে৷ কিন্তু প্রথমবাৰৰ বাবে এগৰাকী এ পি এছ বিষয়াই যি মানৱীয় মূল্যবোধৰ পৰিচয় দিলে, তাক লৈ সমগ্র ৰাজ্যতে আৰম্ভ হৈছে চর্চা৷ ক’ব বিচৰা হৈছে কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে শেহতীয়াকৈ আগশাৰীৰ যোদ্ধা হিচাপে দাঙি ধৰা তেওঁৰ কর্তব্যনিষ্ঠা৷
উল্লেখ্য যে দেওবাৰে কার্বি আংলঙৰ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত এজন ক’ভিড আক্রান্তৰ মৃত্যু হৈছিল৷ জিলাখনৰ বকলীয়াঘাটৰ চূণপোৰা নিৱাসী অৰুণ কাকতি নামৰ এই লোকজন হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ মৃত্যুমুখত পৰে৷ অসুস্থ অৱস্থাতে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছিল যদিও আদবাটতে মৃত্যু হোৱা লোকজনৰ নিয়ম অনুসৰি ছোৱাব পৰীক্ষা কৰাত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হয়৷ মুখ্যতঃ ইয়াকে লৈ সৃষ্টি হয় এক অবাঞ্ছিত পৰিৱেশ৷ দেওবাৰে মৃত্যু হোৱা লোকজনৰ সৎকাৰৰ বাবে প্রশাসন তথা আৰক্ষীয়ে ক’ভিড প্রট’কল অনুসৰি ব্যৱস্থা গ্রহণৰ সময়তে ৰাইজে সংক্রমণৰ শংকাত মৃতদেহ সৎকাৰত বাধা প্রদান কৰে৷ সেয়াই নহয়, মর্গত থকা অৰুণ কাকতিৰ মৃতদেহ সৎকাৰৰ বাবে শ্মশানলৈ নিবলৈ চাফাই কর্মীৰ অভাৱ ঘটে৷ উপায়ান্তৰ হৈ সমগ্র পৰিস্থিতি চম্ভালিবৰ বাবে আগবাঢ়ি আহে কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী৷ মানৱীয় মূল্যবোধৰ পৰিচয় দাঙি ধৰি পি পি ই কিট পিন্ধি মৃতদেহ নিজহাতে সৎকাৰৰ বাবে গাড়ীত তুলি লয়৷ আনহাতে, এইক্ষেত্রত তেওঁক সহায় কৰে এজন গাড়ীচালক আৰু দুজন দেহৰক্ষীয়ে৷ কর্তব্য আৰু দায়িত্ববোধক আগত ৰাখিয়ে আৰক্ষী অধীক্ষকজনে মৃতদেহ সৎকাৰৰ বাবে ডিফু–লামডিং পথৰ আঠকিলো শ্মশানলৈ নিয়ে যদিও ক’ৰোনা সংক্রমণৰ আশংকাত ভোগা স্থানীয় ৰাইজে উক্ত স্থানত মৃতদেহ সৎকাৰত বাধা দিয়ে৷ ইয়াৰ পাছতে উপায়ান্তৰ হৈ আৰক্ষী অধীক্ষকজনে পাণবাৰী, চৰচৰি, দলদলি আদি স্থানলৈ মৃতদেহটো সৎকাৰৰ বাবে নিয়ে যদিও প্রতিটো স্থানতে স্থানীয় লোকে বাধা প্রদান কৰে৷ আনকি ডিফু শ্মশানলৈ মৃতদেহ নিয়াৰ পথত গছ বগৰাই আৰক্ষী তথা প্রশাসনক বাধা প্রদান কৰে৷ এনে অৱস্থাত মৃতদেহ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ওভতাই আনিবলৈ বাধ্য হয় আৰক্ষী বিষয়া দেৱজিৎ দেউৰীয়ে৷ স্থানীয় ৰাইজৰ এনে বাধাৰ মাজতে ক’ৰোনা আক্রান্ত লোকজনৰ মৃতদেহ তেওঁৰ নিজ গাঁও বকলীয়াঘাটৰ চূণপোৰালৈ ওভতাই লৈ যোৱা হয়৷ সোমবাৰে নিশা উক্ত গাঁৱতেই জনশূন্য জংঘলত আৰক্ষী বিষয়াজনে সতীর্থ আন তিনিজনৰ সৈতে মৃতদেহ সৎকাৰ কৰিবলৈ সক্ষম হয়৷ দায়িত্ববোধ আৰু মানৱীয়তাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি এজন আৰক্ষী বিষয়াই পি পি ই কিট পিন্ধি ক’ভিড আক্রান্তৰ মৃতদেহ সৎকাৰ কৰা বিষয়টো এতিয়া সমগ্র ৰাজ্যতে আলোচনাৰ কেন্দ্র হৈ পৰিছে৷ এই সন্দর্ভত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়– কালি পৰিস্থিতিত এজন দায়িত্বশীল বিষয়া হিচাপে আগবাঢ়ি অহাটো মোৰ প্রথম কাম আছিল৷ এই অনুসৰিয়েই দায়িত্ব পালন কৰিলোঁ৷ ইয়াৰ বাবে ক’ভিড প্রট’কল সম্পূর্ণৰূপে অনুকৰণ কৰা হৈছে৷ মূৰৰ পৰা ভৰিলৈ সম্পূর্ণ আৱৰণ লৈ কালি মৃতদেহ সৎকাৰ কৰা হৈছে৷ নিশ্চিতভাৱে এয়া গুৰুত্বপূর্ণ কথা যদিও আগশাৰীৰ যোদ্ধা হিচাপে এই দায়িত্ব পালন কৰিছোঁ৷ মন কৰিবলগীয়া যে ডিফুত ক’ৰোনা আক্রান্ত অসমৰ পঞ্চমজন লোক হিচাপে মৃত্যু হোৱা অৰুণ কাকতি যোৱা ২৩ মে’ত চেন্নাইৰ পৰা আহি ২৬ মে’ত ডিফুত উপস্থিত হোৱাৰ পাছত বকলীয়াঘাটৰ ৰুকাচেন মহাবিদ্যালৰ সমীপৰ কোৱাৰেণ্টাইন শিবিৰত আছিল৷ কোৱাৰেণ্টাইনত থকা অৱস্থাতেই তেওঁৰ ছোৱাব পৰীক্ষা কৰি নিগেটিভ হোৱাত প্রশাসনে তেওঁক কঠোৰ হোম কোৱাৰেণ্টাইনৰ বাবে প্রেৰণ কৰে৷ কিন্তু দেওবাৰে দুপৰীয়া হোম কোৱাৰেণ্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়৷ উল্লেখ্য যে মৃত্যুৰ পূর্বে অৰুণ কাকতিৰ দেহত ক’ৰোনাৰ লক্ষণ স্পষ্ট হোৱাত পৰিয়ালৰ লোকে তেওঁৰ ছোৱাব টেষ্টৰ বাবে পঠিয়াইছিল৷ সোমবাৰে এই ফলাফল পজিটিভ পোৱা গৈছিল৷ ইয়াৰ পাছতেই সৃষ্টি হয় অথন্তৰ৷ কিয়নো ক’ৰোনাত আক্রান্ত হোৱা গম পাই চাফাই কর্মীয়ে মৃতদেহ সৎকাৰৰ বাবে নিবলৈ আপত্তি তোলে৷ এনে এক পৰিস্থিতিত আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আগবাঢ়ি আহি মৃতদেহ সৎকাৰৰ বাবে পদক্ষেপ গ্রহণ কৰে৷ ইফালে স্থানীয় একাংশ লোকে মৃতদেহ সৎকাৰক লৈ দেখুওৱা অমানৱীয় কার্যক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ ইয়াৰ বিপৰীতে দেৱজিৎ দেউৰীৰ কর্তব্যবোধ আৰু মানৱীয় প্রমূল্যক সকলোকে একমুখে প্রশংসা কৰিছে৷ দায়িত্বশীল আৰক্ষী বিষয়াজনৰ পদক্ষেপক সকলোৱে প্রশংসা কৰিছে৷ উল্লেখ্য যে ডিফুত কালি মৃতদেহ সৎকাৰক লৈ সৃষ্টি হোৱা অপ্রীতিকৰ পৰিস্থিতি সন্দর্ভত আজি জিলাখনত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ক’ৰোনাত আক্রান্ত লোকৰ মৃতদেহ সৎকাৰৰ বাবে প্রতিখন জিলাত একোখন স্বীকৃত শ্মশান, কবৰস্থান আথবা আন ধর্মৰ লোকৰ সৎকাৰৰ স্থান স্থাপনৰ বাবে নির্দেশ দিয়া হৈছিল৷ সেই অনুসৰি প্রায় জিলাসমূহে স্বীকৃত শ্মশান স্থাপন কৰিছে যদিও কার্বি আংলঙত এই শ্মশান হৈ নুঠা বাবে কালি উক্ত পৰিস্থিতি সৃষ্টি হয়৷