নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত সবল স্থিতি প্ৰদান বৰুৱাৰ : কংগ্ৰেছত হাহাকাৰ

লখিমপুৰৰ পৰা জীৱন গোস্বামী, ৩ মাৰ্চঃ বিগত লোকসভা নির্বাচনত লখিমপুৰ লোকসভা সমষ্টিত ৭,৭৬,৪০৬টা ভোটত বিজয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা। তেওঁ কংগ্রেছৰ প্ৰাৰ্থী অনিল বৰগোহাইক ৩,৫০,৫৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। কংগ্রেছৰ প্ৰাৰ্থী গৰাকীয়ে পাইছিল ৪,২৫,৮৫৫ টা ভোট। মুঠ ৯টা বিধানসভা সমষ্টি থকা লখিমপুৰ লোকসভা সমষ্টিত সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই সৰ্বাধিক ভোট লাভ কৰিছিল জোনাই সমষ্টিত। জোনাই সমষ্টিত তেওঁ সৰ্বাধিক ১,৫৭,২৬৪টা ভোট পাইছিল। সমষ্টিটোত কংগ্রেছৰ প্ৰাৰ্থীজনে কিন্তু বিজেপিৰ প্ৰাৰ্থীয়ে পোৱা ভোটৰ আধাও পাবলৈ সক্ষম নহল। সমষ্টি টোত কংগ্রেছৰ প্ৰাৰ্থীজনে লাভ কৰিলে ৪৭,৯৩২টা ভোট। উল্লেখ্য সেই নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছিল ১১জনকৈ বিভিন্ন দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়ে। এইসকলৰ ভিতৰত বিজেপিৰ প্ৰদান বৰুৱাই ৭,৭৬,৪০৬টা ভোট, কংগ্রেছৰ প্ৰাৰ্থী অনিল বৰগোহাইয়ে ৪,২৫,৮৫৫টা ভোট, এনচিপিৰ অনুপ প্ৰতীম বৰবৰুৱাই ৪,৫২৭টা, চিপিআই (এম) ৰ অমিয় কুমাৰ সন্দিকৈয়ে ১২,৮০৯টা, চিপিআইৰ অৰূপ কলিতাই ১৩,৩৭৮টা, অসম জন মৰ্চাৰ উবেইদুৰ ৰহমানে ৮,৭৩৮টা, অসম দৃষ্টি পাৰ্টিৰ দিলীপ মৰাণে ৮,২৮৫টা, ভোটাৰ্চ  পাৰ্টি ইন্টাৰনেচনেলৰ ভূপেন নৰহে ৫,৫৮১ টা,এছইউচিআই (চি) ৰ হেমকান্ত মিৰিয়ে  ৪,০৩৪ টা, আৰু দুই নিৰ্দলীয় প্ৰাৰ্থী আম্বাজ  উদ্দিনে ৩,৮৯০টা আৰু প্ৰভূলাল বৈষ্ণবে ৪,৮৬৬ টা ভোট লাভ কৰিছিল। নিৰ্বাচনটোত সৰ্বমুঠ ১২,৮৩,৯৫০টা ভোট পলিং হৈছিল। শেহতীয়া সেই নিৰ্বাচনৰ তথ্যই লখিমপুৰ লোকসভা সমষ্টিত শাসকীয় বিজেপি দলৰ শক্তিশালী স্হিতিৰ প্ৰতিচ্ছবি তুলি ধৰিছে। বিপৰীতে প্ৰধান বিৰোধী দল কংগ্রেছৰ স্থিতি উলাই কৰিব নোৱাৰিলেও ভোটৰ ব্যৱধান আছিল তিনি লক্ষাধিক। সম্প্রতি বিজেপিয়ে পূৰ্বৰ শক্তিশালী প্ৰাৰ্থী প্ৰদান বৰুৱাকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিপৰীতে কংগ্রেছ দলে এই পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত এতিয়া কংগ্রেছ দলে তেওঁৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰাৰ্থী সাজু কৰিবলৈ চিন্তা কৰিব লাগিব। কিয়নো শাসকীয় দলৰ জয়জয় ময়ময় হৈ থকা এই সময়ত পূৰ্বৰ শক্তিশালী প্ৰাৰ্থীজনকে বিজেপিয়ে ৰণাংগনত নমোৱাৰ পাছত কংগ্রেছে তেওঁক প্ৰতিহত কৰিব পৰা শক্তিশালী ব্যক্তিত্বৰ প্ৰাৰ্থী বাচনি নাইবা নিৰ্বাচনী ৰণকৌশল এই সকলো দিশ সূক্ষ্মভাৱে বিশ্লেষণ কৰিব লাগিব। কিয়নো ১৯৫২ চনৰ পৰা সৰহভাগ সময় কংগ্রেছৰ দখলত থকা সমষ্টিটোত শেহতীয়াকৈ বিজেপিৰ স্থিতি বহুগুণে উচ্চ হৈ আছে। বিগত নিৰ্বাচনত তিনি লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্রেছ দল পৰাস্ত হোৱাটো ইয়াৰ উৎকৃষ্ট নিদৰ্শন। আনহাতে লক্ষ্যণীয় কথাটো হল বিগত নিৰ্বাচনত ১১জন প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই ৭,৭৬,৪০৬টা ভোট পোৱাৰ বিপৰীতে কংগ্রেছৰ প্ৰাৰ্থী সহ আন দহ জন প্রার্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা একেলগ কৰিলেও তেওঁৰ সমান নহয়গৈ। দহ জন প্রার্থীৰ প্ৰাপ্ত ভোটৰ সংখ্যা একেলগ কৰিলে ৪,৯১,৯৬৩টাহে হয়গৈ। এই তথ্যই সমষ্টিটোত বিজেপিৰ স্হিতি বহুগুণে মজবুত সেই কথা প্ৰতীয়মান কৰিছে। অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিয়ে পূৰ্বৰ তুলনাত বিজেপিৰ স্থিতি কিছু দুৰ্বল কৰাৰ সম্ভাৱনাও নথকা নহয়। এইক্ষেত্ৰত বিৰোধী দলে কেনেদৰে বিজেপিৰ বিৰোধী ঢৌ সৃষ্টি কৰিব পাৰে নাইবা শাসকীয় দলৰ কেতবোৰ কাম কাজত অসন্তুষ্ট ৰাইজৰ সমৰ্থন নিজৰ অনুকুলে আনিবলৈ সক্ষম হয় সেই য়া সময়ে নিৰূপণ কৰিব।
You might also like