নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰা ব্যৱসায়ীৰ ৪০০ কোটিটকীয়া ফাৰ্ম হাউছত চলিল বুলড’জাৰ

বিশেষ বাৰ্তা, ৩ মাৰ্চ : প্ৰয়াত ধনকুবেৰ সুৰা ব্যৱসায়ী পণ্টী চাদ্ধাৰ ৪০০ কোটিটকীয়া বিলাসী ফাৰ্ম হাউছ ভাঙি পেলালে দিল্লী প্ৰশাসনে। সেই অট্টালিকাটো ৰাজধানীৰ ছটাৰপুৰৰ এক বৃহৎ অঞ্চলত সজা হৈছিল। শুকুৰবাৰ আৰু শনিবাৰ দুদিন ধৰি অট্টালিকাটোত বুলড’জাৰ চলায় দিল্লী প্ৰশাসনে। প্ৰশাসনৰ মতে, ধনী ব্যৱসায়ীজনৰ বিলাসী ফাৰ্ম হাউছটো অবৈধভাৱে মাটি দখল কৰি নিৰ্মাণ কৰা হৈছিল। দিল্লী উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকলৰ মতে, অনুমতি অবিহনে চৰকাৰী ভূমি দখল কৰি অট্টালিকাটোৰ নিৰ্মাণকাৰ্য সম্পাদন কৰা হৈছিল। শুকুৰবাৰ আৰু শনিবাৰে ধনকুবেৰ সুৰা ব্যৱসায়ীজনৰ ১০ একৰ মাটিত নিৰ্মাণ কৰা ৪০০ কোটিটকীয়া ফাৰ্ম হাউছ ভাঙি পেলোৱা হয়। শুকুৰবাৰে পাঁচ বিঘা মাটিত উচ্ছেদ অভিযান চলোৱাৰ পিছত শনিবাৰে মূল ভৱনটো বুলড’জাৰেৰে ভাঙি পেলায় প্ৰশাসনে। ইয়াৰ পূৰ্বে দিল্লী উন্নয়ন কৰ্তৃপক্ষই ১৩ আৰু ১৭ জানুৱাৰীত উত্তৰ-পূব দিল্লীৰ গকুলপুৰত অবৈধ নিৰ্মাণকাৰ্য ভাঙি পেলোৱাৰ কাম সম্পন্ন কৰিছিল। সেই অঞ্চলৰ কেইবাটাও শ্ব’ৰুম ভাঙি পেলাইছে প্ৰশাসনে। উল্লেখ্য যে ভাতৃৰ সৈতে হোৱা ভূমি বিবাদত সংঘটিত গুলীচালনাত মৃত্যু হৈছিল পণ্টী চাদ্ধাৰ ।

 

You might also like