বিকল দুয়োটা বৃক্কঃ অকণমান সহায়ৰ প্ৰয়োজনঃ জীৱন মৃত্যুৰে যুঁজিছে মাজুলীৰ প্ৰদীপ দাসে
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : উজনি মাজুলী শ্ৰীৰাম গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলিয়াবাৰী নৱ ৰাঙলীবাহাৰ গাঁৱৰ প্ৰদীপ দাস নামৰ ৪৯ বছৰীয়া ব্যক্তিজন বিগত ৬ মাহ ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীত চিকিৎসাধীন হৈ আছে। আজিৰ পৰা ছয় মাহ পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বৃক্ক বিকল হোৱাৰ ৰোগ ধৰা পৰা পিছৰ পৰাই প্ৰদীপ দাসৰ পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ । ঘৰৰ সকলো সা-সম্প্ৰতি, মাটি বাৰী , বিক্ৰী কৰি ডিব্ৰুগড়ত ৩ মাহ দিনে চিকিৎসা কৰিছিল যদিও এতিয়াও সুস্থ হৈ উঠা নাই প্ৰদীপ দাস। এতিয়া প্ৰদীপ দাসৰ পৰিয়ালৰ শেষ আশা ৰাজ্য চৰকাৰ তথা সহৃদয়বান ৰাইজৰ। ঘৰৰ সকলো সম্প্ৰতি বিক্ৰী কৰাৰ পিছত এতিয়া সৰ্বস্বান্ত হৈ পৰিছে তেলিয়াবাৰী নৱ ৰাঙলীবাহাৰ গাঁৱৰ প্ৰদীপ দাসৰ পৰিয়ালটি। প্ৰদীপ দাসক সুস্থ কৰি তুলিবলৈ ৰাইজ তথা ৰাজ্য চৰকাৰৰ সহায় বিচাৰিছে প্ৰদীপ দাসৰ পৰিয়ালটিয়ে। কোনো সদাসয় লোকে প্ৰদীপ দাসক সহায় কৰিব বিচাৰিলে প্ৰদীপ দাসৰ নামত থকা ৭২০৯০২৯০০৪৮২৩ একাউণ্টত Ifsc-UTBIO10RRBAGB নম্বৰত আৰ্থিক অনুদান প্ৰদান কৰিব পাৰিব ৷ অধিক জানিবলৈ +918099740951 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে আমাক অৱগত কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড