নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰদ্যুৎ নে  গৌৰৱ : প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত বিধ্বস্ত নগাঁও কংগ্ৰেছ

নগাঁৱৰ পৰা কনক হাজৰিকা, ৩ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও সংসদীয় সমষ্টিত ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। প্ৰতিটো ৰাজনৈতিক দলে সভা, সমিতি  অনুষ্ঠিত কৰি ৰাজনৈতিক ক্ষেত্ৰখন উত্তাল কৰি তুলিছে। ইতিমধ্যে সমষ্টিটোৰ বাবে বিজেপিয়ে ন-বিজেপি সুৰেশ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সামান্তৰালভাৱে এ আই ইউ ডি এফে ধিঙৰ বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে আজিও প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব পৰা নাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও সংসদীয় সমষ্টিৰ পুৰ্বৰ বঢ়মপুৰ, হোজাই, যমুনামুখ, লামডিং বিধানসভা সমষ্টি কাজিৰঙা সংসদীয় সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে পূৰ্বৰ কলিয়াবৰ সংসদীয় সমষ্টিৰ চামগুৰি, ৰূপহীহাট, ধিং নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। বৰ্তমানৰ নগাঁও সংসদীয় সমষ্টিত ১৮ লাখৰো অধিক ভোটাৰ আছে। সমষ্টিটোত ধৰ্মীয় সংখালঘু ভোটাৰৰ প্ৰভাৱ বিৰাজমান। সেয়ে কংগ্ৰেছ দলে সংখ্যালঘু ভোটাৰৰ ওপৰত ভৰষা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হব বিচাৰিছে। যাৰ বাবেই কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ পৰা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব বিচাৰিছে। বিশেষকৈ বৰদলৈ আৰু গগৈৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ অব্যাহত আছে। গৌৰৱ গগৈয়ে নগাঁও, কাজিৰঙা, যোৰহাট সংসদীয় সমষ্টিৰ পৰা আবেদন কৰিছে যদিও গৌৰৱ গগৈয়ে নগাঁও সংসদীয় সমষ্টিৰ পৰাহে প্ৰতিদ্বন্দিতা কৰাৰ বাবে মন মেলিছে। ফলত ক্ষুণ্ণ হৈ পৰিছে সাংসদ প্ৰদ্যুত বৰদলৈ। বৰদলৈয়ে ইতিমধ্যে নগাঁও সংসদীয় সমষ্টিতহে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ নিজৰ আশা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে। প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই নগাঁৱত কংগ্ৰেছ দল মহাসংকটত পৰিছে। গৌৰৱ গগৈয়ে যদি প্ৰাৰ্থিত্ব লাভ কৰে তেন্তে নগাঁৱত কংগ্ৰেছ শিবিৰৰ পৰাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। নগাঁৱত এতিয়া সকলোৰে মাজত চৰ্চিত বিষয়টো হৈছে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কোনে লাভ কৰিব। প্ৰদ্যুৎ বৰদলৈ নে গৌৰৱ গগৈ। অৱশ্যে ইয়াৰ বাবে কেইদিনমান অপেক্ষা কৰিব লাগিব বুলি কংগ্ৰেছৰ সুত্ৰত প্ৰকাশ। মাত্ৰ কিছুদিনৰ পুৰ্বে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰি  বিজেপিত যোগ দি দলীয় টিকট লাভ কৰা সুৰেশ বৰাই কংগ্ৰেছৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে।
You might also like