নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰা বিচাৰি সৰুপথাৰৰ ধাবাত উদণ্ড যুৱকৰ গুলীচালনা

নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : সৰুপথাৰৰ ইকৰাণী চাৰিআলিৰ আইছেং ধাবাত শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত পাঁচজনীয়া  দুৰ্বৃত্তৰ দলে তিনি জাই গুলী ফুটাই আতংকৰ সৃষ্টি কৰে। AS 06 AD 6566 নম্বৰৰ এখন ফৰছুনাৰ বিলাসী বাহন আৰু RJ 45 CY 7178 নম্বৰৰ টয়টা হাইলাক্স গাড়ীৰে অহা ছয়জনীয়া যুৱকৰ দলে নিশা প্ৰায় ১০.৩০ বজাত আইছেং ধাবাত উপস্থিত হৈ মদ বিচাৰে। ধাবাৰ মালিকক মদ পোৱা যায় নেকি সোধে। ধাবাৰ মালিকে এই ধাবাত মদ বিক্রী কৰা নহয় বুলি কোৱাৰ পিছত দুৰ্বৃত্তৰ দলটোৱে ধাবাৰ মালিক কৰ্মচাৰীৰ লগত কাজিয়াত লিপ্ত হয়। দলটোৰ দুজন যুৱক আৰু হোটেলৰ মালিক আৰু কৰ্মচাৰীৰ মাজত তুমুল মাৰপিটৰ ঘটনা সংঘটিত হয়। ইয়াৰ পিছত যুৱকৰ দলটোৰ ফৰছুনাৰত থকা এজনে লগত থকা পিষ্টলেৰে শূন্য লৈ তিনি জাঁই গুলী ফুটাই আতংকৰ সৃষ্টি কৰে আৰু দুখন গাড়ীত অহা চাৰি যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। লগে লগে অঞ্চলটোত এক আতংকৰ সৃষ্টি হয়। গুলীৰ শব্দ শুনি উক্ত স্থানত বহু লোকৰ সমাগম ঘটে। ধাবাৰ মালিক কৰ্মচাৰীসহ উপস্থিত ৰাইজে দুজন লোকক আটক কৰি উত্তম-মধ্যম দি আৰক্ষীক চমজাই দিয়ে। ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়া যুৱক দুজন ক্ৰমে বৰপথাৰ থানাৰ অন্তৰ্গত সৰুলাংঠা গাঁৱৰ  গজেন বৰা ওৰফে মনদ্বীপ ৩৮  আৰু ৰাজস্থানৰ জয়পুৰ নিবাসী দশৰত সিং (৩২) বুলি চিনাক্ত। আনহাতে ৪জন যুৱক বিলাসী বাহন টয়টা হাই লাক্স গাড়ী আৰু ফৰছুনাৰ গাড়ী লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ খৱৰ পাই নিশা ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হয়। নিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া দীপেন পাতৰ আৰু সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা আৰক্ষীয়ে প্ৰথমে  নিশা উৰিয়ামঘাটৰ পৰা RJ 45 CY 7178 নম্বৰৰ টয়টা হাইলাক্স গাড়ীসহ শচীন শৰ্মাক আটক কৰে। ঘটনাস্থলীৰ পৰা পলায়ন কৰা AS 06 AD 6566 নম্বৰৰ ফৰছুনাৰ গাড়ীখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত স্থানীয় আৰক্ষীৰ সহযোগত অভিমন্যু দাস আৰু উত্তম শৰ্মা আৰু হীৰকজ্যোতি বৈশ্যসহ ৪জন যুৱকক বোকাখাতৰ কঁহৰাৰ পৰা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লগতে মাৰাণাস্ত্ৰ জব্দ কৰে। আৰক্ষী সূত্রে জানিব পৰা মতে অভিমন্যু দাস নামৰ প্ৰভাৱশালী যুৱকজনে অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে গুলি ফুটাইছিল। উল্লেখ্য যে বহিৰাগত ৫ যুৱক নাগালেণ্ড সীমান্তত কয়লাৰ মাইনিঙৰ কামৰ লগত জড়িত বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্রে জানিব দিয়া মতে ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
প্ৰেৰক মাখমুদ আলী
You might also like