নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ ডাঙৰীৰ সমীপৰ মেগেলা গাঁৱত অনুষ্ঠিত এখন বিয়াই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে বৃহত্তৰ ডাঙৰী অঞ্চলবাসীৰ মাজত। উল্লেখ্য যে মেগেলা গাঁৱৰ নিবাসী বিমল সোণোৱালৰ পুত্ৰ তথা যুৱ ব্যৱসায়ী প্ৰতিম সোণোৱালে যোৱা ২৩ ফেব্ৰুৱাৰীত ৰাইজক সাক্ষী কৰি যুগ্ম জীৱন পাতনি মেলিলে তালাপৰ জীয়ৰী ডিম্পী সোণোৱালৰ সৈতে। আৰু এই যুগ্ম জীৱনৰ দিনটোক এক স্মৰণীয় দিন হিচাপে জীয়াই ৰাখিবলৈ বৃহত্তৰ ডাঙৰী অঞ্চলবাসীৰ সুবিধাৰ্থে এখনী এম্বুলেঞ্চ প্ৰদান কৰি বদান্যতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে প্ৰেমৰ সম্পৰ্কৰ দুয়ো এদিন এক হোৱাৰ সপোন দেখা প্ৰতিম আৰু ডিম্পীয়ে অৱশেষত যোৱা ২৩ ফেব্ৰুৱাৰীৰ দিনা সামাজিক ৰীতি নীতিৰে যুগ্ম জীৱনৰ পাতনি মেলেে। প্ৰতিম আৰু ডিম্পীৰ বিবাহৰ কালি আছিল অভ্যৰ্থনা অনুষ্ঠানত। মেগেলা গাঁৱত এক বৃহৎ আয়োজনেৰে অনুষ্ঠিত কৰা এই অভ্যৰ্থনা অনুষ্ঠানৰ দিনাই অৰ্থাৎ কালিৰ দিনটোতেই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ আগত ৰাইজৰ বাবে এই এম্বুলেঞ্চখন আনুষ্ঠানিক ভাবে প্ৰদান কৰে প্ৰতিম আৰু ডিম্পীয়ে। সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ দ্বাৰা ফিতা কাটি আনুষ্ঠানিকভাবে মুকলি কৰা এই এম্বুলেঞ্চখন সমিপৱৰ্তী বৰপথাৰ গাঁওস্থিত খ্ৰীং খ্ৰীং বাইথ মন্দিৰৰ পৰিচালনা সমিতিৰ তত্ত্বাবধানত থাকিব বুলি জানিবলৈ দিছে দাতা তথা দৰা প্ৰতিম সোণোৱালে। প্ৰতিম সোণোৱালৰ এই ব্যতিক্ৰমী প্ৰয়াসক একমুখে শলাগ লৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।
প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল