বিশেষ বাৰ্তা, ২৬ জুলাই : আজিৰ দিনত মহিলাই আগুৱাই গৈছে সকলো দিশত, বন্দী হোৱা নাই পাকঘৰত ৷ এগৰাকী মহিলাই অথবা গৃহিণীয়ে যদি ইচ্ছা কৰে নিজৰ দায়িত্ব পালন কৰিও কৰিব পাৰে বহু কাম ৷ শেহতীয়াকৈ তিনিচুকীয়াৰ এখন বিদ্যালয়ৰ এগৰাকী অধ্যক্ষাই নিজৰ সকলো দায়িত্ব পালন কৰিও জিলাখনলৈ কঢ়িয়াই আনিছে গৌৰৱ ৷ নতুনকৈ চৰকাৰে প্ৰদান কৰা CBSE মাধ্যমৰ আদৰ্শ বিদ্যালয়, তিনিচুকীয়াৰ অধ্যক্ষা প্ৰতীতি বৰপূজাৰীয়ে ২১ জুলাইত গুৱাহাটীত অনুষ্ঠিত নৰ্থইষ্ট লাইমলাইট-২০২৩ৰ চিজন-২ত “প্ৰিণ্ট উইনাৰ”ৰ মেডেল জয় লাভ কৰিছে৷ উক্ত প্ৰতিযোগিতাত ত্ৰিপুৰা, মণিপুৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ ৰাজ্যৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পূৰ্বে প্ৰতিতিয়ে ডিগবৈত অনুষ্টিত নৰ্থইষ্ট উইনাৰ হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান লাভ কৰিছিল৷ প্ৰতীতি বৰপূজাৰী জন্মগতভাৱে তিনিচুকীয়া লিডুৰ যদিও এতিয়া তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰৰ বাসিন্দা ৷ প্ৰতীতিয়ে এগৰাকী গৃহিণী হোৱাৰ উপৰি এখন বিদ্যালয়ৰ অধ্যক্ষা, কিন্তু তাৰ পাছতো নিজৰ মডেলিং জগতৰ প্ৰতি থকা প্ৰৱল ইচ্ছাৰ ফলত প্ৰিণ্ট উইনাৰ মেডেল লাভ কৰিছে ৷ সেইহেতুকে এতিয়া আনন্দিত হৈ পৰিয়ালৰ সকলোকে এই সুবিধা প্ৰদান কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে প্ৰতিতিয়ে৷ এইসন্দৰ্ভত প্ৰতীতি বৰপূজাৰীয়ে কয় যে, মানুহৰ যদি ইচ্ছা সকলো কৰিব পাৰি ৷ মই সৰুৰেপৰা ধুনীয়া হৈ থাকি, ভালকৈ থাকি ভাল পাওঁ৷ সকলোৱে ধুনীয়া, মাথোঁ নিজৰ ধুনীয়াখিনি বিচাৰি উলিয়াব জানিব লাগিব৷ আমি প্ৰথমে নিজক ভাল পাবলৈ শিকিব লাগিব ৷ গতিকে নিজৰ ইচ্ছা থাকিলে সকলো দায়িত্ব নিষ্ঠাৰে পালন কৰিও নিজৰ সপোনসমূহ পূৰ কৰিব পাৰি ৷
প্ৰেৰক বিবেক বড়া