মন্দিৰে-মছজিদে প্ৰাৰ্থনা, জুবিন গাৰ্গৰ ন্যায় বিচাৰি শিল্পীৰ ব্যতিক্ৰমী প্ৰতিবাদ
অসমৰ প্ৰতিজনৰে জুবিন গাৰ্গৰ অবৰ্তমানত হৃদয় গভীৰ দুখেৰে ভৰি পৰাৰ সমান্তৰালভাৱে শিৱসাগৰৰ এগৰাকী শিল্পীৰ চিন্তাত সেই দুখৰ বহিঃপ্ৰকাশ ঘটিছে অন্যধৰণেৰে। ছিংগাপুৰৰ সাগৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি তেওঁ আৰম্ভ কৰিছে এক ব্যতিক্ৰমী যাত্ৰা- নাম “ন্যায় যাত্ৰা”।
এনে এক যাত্ৰাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা মানুহজনৰ নাম প্ৰশান্ত চেতিয়া ৷ অসমীয়া কৃষ্টি- সংস্কৃতিৰ সৈতে জড়িত বাদ্যযন্ত্ৰ নিৰ্মাণেৰে কৃষ্টি- সংস্কৃতিৰ ভেটি ৰক্ষা কৰাৰ সমান্তৰালভাৱে আত্মসংস্থাপনৰ পথ মুকলি কৰা প্ৰশান্ত চেতিয়াৰ ঘৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ পানবেচাত। জুবিন গাৰ্গক ছিংগাপুৰলৈ নি একাংশই কৌশলেৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ সময়ৰে পৰা তেওঁ ভালকৈ খোৱা -শোৱা কৰিব পৰা নাই ৷
শোকস্তব্ধ শিল্পীগৰাকী ভিতৰি ভিতৰি গুজৰি গুমৰি উঠিছে ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা ঘটনাৰ তেওঁ ন্যায় বিচাৰিছে। ৰাজপথত আন্দোলন কৰি তেওঁ ন্যায় বিচৰা নাই। প্ৰশান্ত চেতিয়াই আল্লা, ভগৱান, দুৰ্গা দেৱী, শিৱ, যিচুক উপাসনা কৰা গৃহৰ দুৱাৰে দুৱাৰে গৈ আঁঠু লৈছে। নেদেখাজনৰ ওচৰত মিনতি কৰিছে ন্যায়ৰ বাবে। যোৱা দিন কেইটাত তেওঁ একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰা এটা বৃহৎ আকাৰৰ ডবা, শৰাই, জাপি আৰু বাঁহ-বেতেৰে নিৰ্মাণ কৰা দুটা বৃহৎ আকৃতিৰ পেঁপা এখন ঠেলাত সুন্দৰভাৱে সজাই নিজৰ আপোন গাঁওখনৰ পৰা আৰম্ভ কৰে যাত্ৰা৷
হাতেৰে টানি নিব পৰা ঠেলাত অসমীয়া সংস্কৃতিৰ এইকেইবিদ আপুৰুগীয়া সম্পদ লৈ তেওঁ শিৱসাগৰ কাথপাৰাৰ নিত্যানন্দ থানত প্ৰথমে প্ৰণিপাত জনায় ৷ তেওঁৰ এই ব্যৱস্থাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ শিৱসাগৰ নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ বাটত আহোতে শিল্পীগৰাকীয়ে জেঙনিকটীয়া বৰমছজিদত সোমাই শিল্পী জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰাৰ্থনা কৰে ৷
তাৰ পিছতেই প্ৰশান্ত চেতিয়াই শিৱসাগৰ চহৰৰ ঐতিহাসিক দুৰ্গা দেৱীদ’লত প্ৰাৰ্থনা জনায়৷ ঐতিহাসিক শিৱদ’লৰ সন্মুখত তেওঁ ঠেলাখন ৰখাই শিল্পীগৰাকীয়ে শিৱদ’লত প্ৰৱেশ কৰি প্ৰাৰ্থনা জনায় জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি৷ ইমানেই নহয়, শিল্পীগৰাকীয়ে শিৱসাগৰ পুখুৰীৰ পাৰত থকা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰৰ দ্বিতীয় পুৰণি গিৰ্জাগৃহত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি যীশুৰ ওচৰত কাকূতি কৰে ৷
শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমত যে হতাশাৰ ক’লীয়া ডাৱৰে আৱৰি ধৰিছে আৰু প্ৰতিজন অসমীয়াই শিল্পীগৰাকীৰ বাবে ন্যায় বিচাৰিছে সেই কথা প্ৰশান্ত চেতিয়া “ন্যায় যাত্ৰা”ই সেই কথাকেই নিশ্চয় প্ৰতিপন্ন কৰিছে।
নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ১৩ অক্টোবৰ