তিনি অৰ্থনীতিবিদলৈ ২০২৫ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল
ৰয়েল ছুইডিছ একাডেমীয়ে অৰ্থনীতি বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰা কৰিছে। সেই অনুসৰি জোৱেল ম’কিৰ, ফিলিপ এগিঅন আৰু পীটাৰ হোৱিটক প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ অৰ্থনীতিৰ নবেল। পিছে মন কৰিবলগীয়া যে এইবাৰ অৰ্থনীতিৰ নবেলৰ আধা অংশ এজনক দিয়াৰ বিপৰীতে বাকী আধা অংশ দুজনৰ মাজত ভাগ কৰি দিয়া হৈছে। সেই অনুসৰি explained innovation-driven economic growth (উদ্ভাৱন-চালিত অৰ্থনৈতিক বৃদ্ধিৰ ব্যাখ্যা)ৰ বাবে বঁটাৰ আধা অংশ জোৱেল ম’কিৰক প্ৰদান কৰাৰ বিপৰীতে theory of sustained growth through creative destruction (সৃষ্টিশীল ধ্বংসৰ জৰিয়তে স্থায়ী বৃদ্ধিৰ তত্ত্বৰ বাবে)ৰ বাবে বাকী আধা অংশ ফিলিপ এগিঅন আৰু পীটাৰ হোৱিটক যৌথভাৱে প্ৰদান কৰে ৰয়েল ছুইদিশ একাডেমীয়ে।
ম’কিৰে ঐতিহাসিক উৎসসমূহৰ জৰিয়তে এই বুজিবলৈ চেষ্টা কৰিছে যে কিদৰে স্থায়ী অৰ্থনৈতিক বৃদ্ধি নতুন স্বাভাৱিক অৱস্থাৰ ৰূপ লৈছিল। আনহাতে, এগিঅন আৰু হোৱিটে স্থায়ী বৃদ্ধিৰ কাৰণসমূহ অধ্যয়ন কৰিছে। ১৯৯২ চনৰ তেওঁলোকৰ এজনীয়াৰ প্ৰবন্ধত তেওঁলোকে “সৃষ্টিশীল ধ্বংস” বুলি জনা এখন গণিতীয় মডেল তৈয়াৰ কৰিছিল— য’ত এটা নতুন আৰু উন্নত সামগ্ৰী বজাৰত আহিলে, পূৰ্বৰ পুৰণি সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰ ক্ষতিগ্ৰস্ত হয়।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ