নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত প্ৰাক-নিৰ্বাচনী হিংসা : টেঙাগুৰিত উত্তপ্ত পৰিস্থিতি

🔹 এআইইউডিএফ-কংগ্ৰেছ কৰ্মীৰ মাজত খণ্ডযুদ্ধ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰাক-নিৰ্বাচনী হিংসা। লাহৰীঘাটত এ আই ইউ ডি এফৰ কৰ্মী আৰু একাংশ কংগ্ৰেছীৰ মাজত খণ্ডযুদ্ধ। ইয়াৰ পৰিপ্ৰেক্ষিতত লাহৰীঘাটৰ টেঙাগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উল্লেখ্য যে আজি টেঙাগুৰিত এ আই ইউ ডি এফৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল। নিৰ্বাচনী সভা সমাপ্ত হোৱাৰ পিছতেই এই উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। চেঙাৰ বিধায়ক আশ্ৰাফুল ইছলাম আৰু কাটলিচেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰে নিৰ্বাচনী সভা সমাপ্ত কৰি যোৱাৰ সময়ত কেইজনমান কংগ্ৰেছীয়ে গ’ বেক ধ্বনি দিয়াৰ লগে লগে দুয়ো দলৰ কৰ্মীৰ মাজত খণ্ডযুদ্ধ আৰম্ভ হয়। আজি নগাঁও লোকসভাৰ এ আই ইউ ডি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ লাহৰীঘাট সমষ্টিত কেইবাখনো সভাৰ আয়োজন কৰিছিল। ভূৰাগাঁৱত নিৰ্বাচনী সভা সমাপ্ত কৰি আবেলি টেঙাগুৰিত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম, কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰ,এ আই ইউ ডি এফৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ সম্পাদিকা হাচিনা আহমেদ, মৰিগাঁও জিলা সমিতিৰ সভাপতি ছিদ্দিক আহমেদ আৰু সম্পাদক কল্লোল বৰাৰ লগতে কেইবাগৰাকী দলীয় বিষয়ববীয়াই। নিৰ্বাচনী সভা ভংগ হোৱাৰ পিছত বিধায়কদ্বয়ৰ লগতে আন নেতাসকল গাড়ীত উঠাৰ সময়তে হঠাৎ একাংশ কংগ্ৰেছী কৰ্মী উপস্থিত হৈ এ আই ইউ ডি এফ গ’ বেক ধ্বনি দিয়া আৰম্ভ কৰে। লগে লগে তাত উপস্থিত শতাধিক এ আই ইউ ডি এফ কৰ্মীয়ে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দি কংগ্ৰেছ কৰ্মীসকলক উভতি ধৰে। ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত নিৰপেক্ষ ৰাইজৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হয়। পৰাজয়ৰ গ্লানিত ভোগা একাংশ কংগ্ৰেছ কৰ্মীয়ে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি এ আই ইউ ডি এফৰ কৰ্মীসকলে অভিযোগ কৰিছে। আনহাতে, নিৰ্বাচনী সভাত বিধায়কদ্বয়ে স্থানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ বাবেই কংগ্ৰেছ কৰ্মীসকলে এইদৰে প্ৰতিবাদ কৰে বুলি একাংশ কংগ্ৰেছীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখ্য যে টেঙাগুৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত স্থানীয় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰক ক্ষুৰধাৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত বিধায়কদ্বয়ে লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ধূপগুৰি আৰু বৰবড়ীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

প্ৰেৰক আবুল কালাম

You might also like