নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডৰ হলদৱানিৰ হিংসাত্মক ঘটনাত ৫,০০০ৰ বিৰুদ্ধে গোচৰ ৰুজু

🔹 দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা

ডেৰাডুন, ১০ ফেব্রুৱাৰী : উত্তৰাখণ্ডৰ হলদৱানিত বে–আইনী মাদ্রাছা-মছজিদ উচ্ছেদ কৰাক লৈ নিৰাপত্তা বাহিনীক আক্রমণ কৰাক লৈ ৫০০০জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ নাইনিতালৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পিএন মীনাই প্রকাশ কৰা মতে, আৰক্ষীয়ে ১৯জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিপৰীতে ৫,০০০ অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ইতিমধ্যে চিনাক্ত হোৱা কেইবাজনক আটক কৰা হৈছে আৰু চিনাক্ত কৰি লোৱা কেইবাজনক কৰায়ত্ত কৰাৰ বাবে অভিযান চলাই থকা হৈছে৷ ৰাজ্যখনৰ মুখ্য সচিব ৰাধা পাটুৰীয়ে ঘটনাস্থলী পৰিদর্শন কৰি দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ উল্লেখ্য যে যোৱা বুধবাৰে বে–আইনী মাদ্রাছা আৰু মছজিদ উচ্ছেদ কৰিবলৈ যাওঁতে একাংশ লোকে উচ্ছেদকাৰীৰ ওপৰত আক্রমণ চলায়৷ এই আক্রমণ প্রতিহত কৰিবলৈ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীৰ লোকৰ ওপৰতো শিলগুটি নিক্ষেপ কৰাৰ লগতে আক্রমণ চলায়৷ আনকি, আক্রমণকাৰীয়ে সমীপৰ থানা ঘেৰাও কৰি আক্রমণ কৰাৰ লগতে কেইবাখনো বাহনত অগ্ণিসংযোগ কৰে৷ এই আক্রমণৰ ঘটনাত ৬জন লোকে প্রাণ হেৰুওৱাৰ লগতে ১০০তকৈ অধিক আহত হৈছে৷ বর্তমানো অঞ্চলটোৰ পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে৷

You might also like